ল’কডাউনৰ শিথিলতা : মহানগৰীত পেটৰ ভাতমুঠিৰ বাবে কামলৈ ওলাই আহি কৰুণ মৃত্যুক সাবটিলে দুই শ্ৰমিকে

7d69b7de-f517-4e46-b859-3aa96295ce54

কালিৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ল’কডাউন আৰু এই ল’কডাউনৰ সময়ছোৱাত কিছু পৰিমাণৰ শিথিলতা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।

ল’কডাউন শিথিল হোৱাৰ বাবে বহু শ্ৰমিকে স্বস্তিৰ নিশ্বাস পেলাইছে আৰু পেটৰ ভাতমুঠিৰ মোকলোৱাৰ উদ্দেশ্যৰে সকলো দিন হাজিৰা কৰা লোক কালিৰে পৰা উভটি গৈছে কৰ্মক্ষেত্ৰলৈ।

তেনে সময়তে মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে এক অঘটন।

নুনমাটিৰ মঠঘৰীয়াৰ ভূপেন্দ্ৰ নগৰত ৩০ ফুট দ কুঁৱাত পৰি মৃত্যুক সাবটি লৈছে দুই শ্ৰমিকে। নিৰ্মীয়মান কুঁৱাটোৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ সময়তে দুয়োজন লোক কুঁৱাত পৰি মৃত্যুক সাৱটি লয়।

মৃত শ্ৰমিক দুজন ক্ৰমে মঠঘৰীয়াৰ জোনাকী নগৰৰ  নিবাসী বংকিম হাজং ( ৩৫) আৰু মৃগেন ৰয় (৩৬) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে মঠঘৰীয়াৰ ভূপেন্দ্ৰ নগৰস্থিত মনেশ্বৰ ডেকা নামৰ এজন লোকৰ ঘৰৰ চৌহদত থকা কুঁৱা নিৰ্মাণৰ বাবে নিয়োগ কৰিছিল শ্ৰমিক দুজনক।

ঘটনা বিৱৰণী অনুসৰি  প্ৰথমে বংকিম হাজং নামৰ শ্ৰমিক জনে কাম কৰিবলৈ ৩০ ফুট দ কুৱাটোত নামি যায়। মেৰামতি কৰি থকা অৱস্থাত শ্ৰমিক জনে উশাহ নিশা নাপাই চিঞৰ বাখৰ লগায়। কুৱাৰ ওপৰত থকা আনজন শ্ৰমিক মৃগেন ৰয়ে লগে লগে বংকিম হাজংক উদ্ধাৰ কৰিবলৈ কুৱাটোত নামি যায়। উদ্ধাৰ কৰিবলৈ যোৱা শ্ৰমিক জনে বংকিম হাজংক উদ্ধাৰ কৰি অনাৰ সময়তে দুয়ো পানীৰ তলত সোমাই পৰে।

এই বিষয়ে জানিব পাৰি স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত নুনমাটি থানাত খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীয়ে SDRF বাহিনীৰ এটা দল লগত লৈ ঘাটনাস্থলীত উপষ্টিত হৈ  কুঁৱাৰ ভিতৰৰ পৰা দুয়োটা মৃতদেহ উদ্ধাৰ কৰে।

মৃতদেহ দুটা আৰক্ষীয়ে মাৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, আজিৰ দিনটোতে দুজন শ্ৰমিকৰ মৃত্যুত শ্ৰমিক দুজনৰ পৰিয়ালৰ লগতে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।