চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজন নিহত, আহত দুজন

Accident-750x375-1

প্ৰতিনিধিত্বমূলক ফটো

নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ডিজু বস্তিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত হোৱা ভয়ংকৰ এক পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনি ডিজু বস্তিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া প্ৰায় ৫.৩০ বজাত কলিয়াবৰ দিশৰ পৰা নগাওঁ অভিমুখে আহি থকা এ এছ ০১ এ চি ৬৯২৩ নম্বৰৰ ট্ৰাকখনত একে দিশৰ পৰা আহি থকা এ এছ ০২ ডি ৯৬৪১ নম্বৰৰ বাইকখনে প্ৰচণ্ড জোৰত খুন্দা মাৰে।

ফলত বাইক আৰোহী দুজন ছিটিকি পৰে আৰু সেই একে দিশতে আহি থকা এ এছ ২৫ চি চি ৩৯৬৫ নম্বৰৰ আন এখন ট্ৰাকে বাইকআৰোহী দুজনক মহতিয়াই নিয়ে। ফলত বাইক আৰোহী দুজন থিতাতে নিহত হয়।

নিহত যুৱক দুজনক মিছা ১৪ নম্বৰ লাইনৰ মাইনুছ এক্কা (২৯) আৰু দীপু লোহাৰ (২৮) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে সেই একে সময়তে একে দিশৰ পৰা অহা আন এখন বাইকে উক্ত ট্ৰাকখনত খুন্দা মৰা ফলত বাইক আৰোহী দুজন ক্ৰমে আমনিৰ নিবাসী ৰাহুল ওৰাং আৰু মিছা অঞ্চলৰ বিছু লোহাৰ নামৰ আন দুজন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

পাছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে গুৰুতৰভাৱে আহত হোৱা লোক দুজনক চিকিৎসাৰ বাবে স্থানীয় লোকে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।