পবিত্ৰ ঈদৰ দিনাই আজি ডবকাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ঘটনাস্থলীতে দুজনকৈ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হয়। দুৰ্ঘটনাটোত নিহত যুৱক দুজনক ক্ৰমে মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত অকচেক ত্ৰিছঘৰী গাঁৱৰ প্ৰয়াত মইন উদ্দিনৰ পুত্ৰ জুনাইদ ইছলাম (২০) আৰু একে গাঁৱৰে প্ৰয়াত আব্দুল কাদিৰৰ পুত্ৰ চুলাইমান আহমেদ বুলি চিনাক্ত কৰা হৈছে।
ঘটনাৰ বিৱৰণি মতে দুই যুৱকে মটৰচাইকেলেৰে আহি থকা অৱস্থাত ডবকা-ডিফু সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শালবাগানৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰি বহু দূৰৈত ছিটিকি পৰে। ফঞত ঘটনাস্থলীতে দুই যুৱকে মৃত্যুক আঁকোৱালি লয়।
উল্লেখযোগ্য যে কালি অৰ্থাৎ ঈদিৰ আগদিনা ৪ জুনত জুনাইদে ক্ৰয় কৰিছিল আজি দুৰ্ঘটনাত পতিত পালচাৰ বাইকখন। আজি ঈদৰ আনন্দ উপভোগ কৰিবলৈ চুলাইমান আহমেদক লগত লৈ ঘৰৰ পৰা উলাই গৈছিল ডবকাৰ আকাশীগংগা অভিমুখে। আৰু যাওঁতে পথতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
আনহাতে ঘটনা সংঘটিত হোৱাৰ লগে লগে আকাশীগংগা আৰক্ষী পহৰা চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
ইফালে পৱিত্ৰ ঈদৰ দিনাই সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ হোজাই জিলাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।