NORTHEAST NOW (Assamese)

ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে ভোগদৈ নদীত দুই যুৱকৰ সলিল সমাধি

March 19, 2022 3:44 pm · এন ই নাও নিউজ,টিয়ক
Updated: March 19, 2022 4:54 pm

ফাকুৱাৰ আনন্দ- উল্লাসৰ মাজতে যোৰহাটৰ ভোগদৈ নদীত গা ধুবলৈ গৈ দুই যুৱকৰ সলিল সমাধি ঘটাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে  l

আজি যোৰহাটৰ ভোগদৈ নদীত গা ধুই থকাৰ সময়তে সলিল সমাধি ঘটে যুৱক দুজনৰ l

যুৱক কেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই l

এজন যুৱকৰ এতিয়াও সন্ধান পোৱা হোৱা নাই l

সলিল সমাধি ঘটা যুৱক দুজনৰ পৰিয়ালৰ লোকে এতিয়াও এই বিষয়ে খবৰ পোৱা নাই l

বাইপাছ ভোগদৈ দলঙৰ তলত নিৰ্মীয়মাণ দলঙৰ গাঁতত গা ধুইছিল যুৱক কেইজনে l

Related News