NORTHEAST NOW (Assamese)

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুই যুৱকৰ

April 20, 2019 12:57 pm · কাজি জেইদুল ইছলাম
বিহালীত ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটা যুৱকজন।

বিশ্বনাথ জিলাৰ বিহালী থানাৰ অন্তৰ্গত বাঁহবাৰী ঘাটত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকা দুই যুৱক অভিজিত শইকীয়া (২৭) আৰু গৌতম বৰা (১৭)ৰ মৃতদেহ আজি উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে।

মৃত গৌতম বৰাৰ ঘৰ গুৱাহাটীৰ পাঞ্জাবাৰীত আৰু অভিজিত বিহালীৰ স্থানীয় বাসিন্দা। মৃত্যুৰ এমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল অভিজিত।

শুকুৰবাৰে বিয়লি ৩ মান বজাত দুয়োজন যুৱকে ব্ৰহ্মপুত্ৰত গা ধুবলৈ ওলাই গৈছিল। বহু দেৰিলৈ দুয়ো উভতি নহা বাবে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে আৰু বহু সময় ধৰি বিচৰাৰ পাছতো যুৱক দুজনৰ কোনো শুংসূত্ৰ নোলোৱাত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে।

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ মৃত্যুক সাবতি লোৱা যুৱকজন

খবৰ পোৱাৰ লগে লগেই গহপুৰত থকা এচ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হয় যদিও আন্ধাৰ হোৱা বাবে বেছি সময়লৈ উদ্ধাৰ অভিযান চলাব নোৱাৰিলে।

আজি ৰাতিপুৱা ৭ মান বজাৰে পৰা এচ ডি আৰ এফ আৰু এন ডি আৰ এফৰ ১৫ জনীয়া সন্মিলিত উদ্ধাৰকাৰী দল এটাই তিনিখন ৰবৰ বোটেৰে অভিযান চলাই দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে, গুৱাহাটীৰ পৰা মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহি এনেদৰে অকাল মৃত্যুক সাৱতিব লগা হোৱাত গৌতমৰ ঘৰত শোঁকৰ ৰোল উঠাৰ লগতে দুয়োজন যুৱকৰ মৃত্যুই এতিয়া সমগ্ৰ বিহালী অঞ্চলতে শোঁকৰ ছাঁ পেলাইছে।

Related News