মাছৰ পোনা উৎপাদনেৰে বোকাখাতৰ কুৰুৱাবাহীৰ দুই যুৱকৰ নীল বিপ্লৱ

ফটো : নৰ্থ-ইষ্ট নাও

একান্ত নিজা প্ৰচেষ্টাৰে এক কোটি মাছৰ পোনা উৎপাদনেৰে বোকাখাতৰ কুৰুৱাবাহীৰ দুজন যুৱকে আৰম্ভ কৰিছে নীল বিপ্লৱৰ। নিজৰ মাটিৰ চাৰিটা পুখুৰীত উৎপাদন কৰিছে মাছৰ পোনা।

কুৰুৱাবাহীৰ এই দুই যুৱকৰ নাম পুতুল দত্ত আৰু সঞ্জীৱ দাস। পুতুল দত্ত এগৰাকী কৃষক। গো পালক ৰূপেও পৰিচিত পুতুল দত্ত কৃষি অৰ্থনীতিৰ প্ৰতি গভীৰ আগ্ৰহী। শ্ৰেষ্ঠ কৃষকৰ বঁটা পাইছে একাধিকবাৰ।

ভাৰতৰ বিভিন্ন ৰাজ্যলৈ গৈ কৃষিৰ প্ৰশিক্ষণো লৈ আহিছে।

ইফালে উদ্যোগী যুৱক সঞ্জীৱ দাসো এগৰাকী সুদক্ষ মীন পালক৷ অসমৰ জলাশয়ত এতিয়া মাছৰ পোনা মেলাৰ সময়৷ যাৰ বাবে এই সময়ত ৰাজ্যত মাছৰ পোনাৰ চাহিদাও আছে প্ৰচুৰ৷

অসমৰ মাছৰ পোনাৰ বজাৰখন ইমান দিনে দখল কৰি আহিছে নগাঁও-মৰিগাঁও আদি অঞ্চলৰ একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে৷ কিন্তু লকডাউনৰ সূদীৰ্ঘ সময় চোৱাত মাছৰ পোনা সৰবৰাহৰ অসুবিধা বুলিয়েই মাছৰ পোনা উৎপাদনৰ ধাৰণাটো মনলৈ আহিছিল বোকাখাতৰ  এই যুৱক দ্বয়ৰ৷

পৰিকল্পনা মতেই আৰম্ভ কৰিলে পোনা উৎপাদন৷ উৎপাদিত পোনা এতিয়া বিক্ৰী কৰিব পৰা হোৱাত ব্যস্ত হৈ পৰিছে পুতুল দত্ত আৰু সঞ্জীৱ দাস৷

পোনা উৎপাদনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা পৰামৰ্শও লৈছে যদিও চৰকাৰ অথবা স্থানীয় মীন বিভাগৰ পৰা নূন্যতম সাহায্যও পোৱা নাই তেওঁলোকে৷

মাছৰ উৎপাদনেৰে পুতুল দত্ত আৰু সঞ্জীৱ দাসে সম্প্ৰতি স্থানীয় কুৰি জনৰো অধিক যুৱকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে৷

পুতুল দত্তৰ মতে এনে কাম কৰিবলৈ লাজ কৰা একাংশ অসমীয়া যুৱকে অসমৰ বাহিৰলৈ গৈ অতি নিকৃষ্ট কামো কৰিব লগা হৈছে৷ সেয়েহে বৰ্তমান অসমলৈ ঘূৰি অহা স্থানীয় যুৱকক অসমৰ সাৰুৱা মাটিত কৃষি, পশুপালন, মীন পালনত গুৰুত্ব দিবলৈ আহ্বান জনাইছে।

যুৱকদ্বয়ৰ উৎপাদিত পোনা বৰ্তমান ৰাজ্যৰ বিভিন্ন স্থানলৈ গৈছে। কুৰুৱাবাহীত থকা এই পোনা উৎপাদন কেন্দ্ৰত প্ৰতি দিনেই পুৱাতেই সমবেত হয় বহু গ্ৰাহক।

অসমত মাছৰ পোনা উৎপাদনৰ বাবে তিনিমাহ সময় লাগে৷ প্ৰথম বাৰৰ বাবে কৰা এই তিনিমহীয়া পোনা ব্যৱসায়ৰ লাভ সন্দৰ্ভত পুতুল দত্ত‌ই আৰু সঞ্জীৱ দাস এতিয়াও অনিশ্চিত যদিও তিনিলাখ টকা যে লাভ হ’ব সেইয়া নিশ্চিত বুলি তেওঁলোকে জনায়৷