NORTHEAST NOW (Assamese)

ব্যক্তিগত এম্বুলেঞ্চত উদ্ধাৰ কটা কাছৰ মাংস : দুই যুৱকক গ্ৰেপ্তাৰ

May 27, 2021 12:14 pm · কাজী জেইদুল ইছলাম
Updated: May 27, 2021 12:15 pm

ব্যক্তিগত এম্বুলেন্সত কঠা কাছৰ মাংস সৰবৰাহ কৰি গ্ৰেপ্তাৰ হৈছে দুজন যুৱক।

বিশ্বনাথৰ পানীভড়ালস্থিত‌ বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ অভিযানকাৰীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি যোৱা নিশা‌ গহপুৰ ডিপৰাৰ কঠালনিবাৰীৰ পৰা চছী দাস(৫৬) আৰু দিগন্ত ভূঞা (৪०) নামৰ যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছে।

ফৰেষ্টাৰ ওৱান উত্তম চমুৱাহৰ নেতৃত্বত যোৱা দলটিয়ে কঠালনিবাৰীৰ পৰা ৬ বাজি ৫০ মিনিট মান বজাত AS-12 -BC4421 নম্বৰৰ এম্বুলেঞ্চত কটা কাছৰ মাংসসহ দুজনক আটক কৰে।

আটক কৰা কৰা দুয়োজনক বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলে সোধপোছ কৰাৰ পিছত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে।

কাছৰ মাংসসহ গ্ৰেপ্তাৰ কৰা দুই যুৱকক বিশ্বনাথ জিলা আদালতত আজি হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰিছে বন বিভাগে।

Related News