বিবাহ বিচ্ছেদৰ নিষ্পত্তিত প্ৰাক্তন পত্নীক ৭৩০ নিযুত ডলাৰ পৰিশোধ কৰিব ডুবাইৰ শাসকে
ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল-মাকতুমক লণ্ডনৰ উচ্চ ন্যায়ালয়ে তেওঁৰ প্ৰাক্তন পত্নীৰ সৈতে তেওঁলোকৰ দুই সন্তানৰ ওপৰত জিম্মাৰ যুঁজ নিষ্পত্তি কৰিবলৈ ৫৫৪ নিযুত পাউণ্ড (৭৩৩ নিযুত ডলাৰ)তকৈ অধিক ধনৰাশি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।
জৰ্ডানৰ ৰজা আব্দুল্লাৰ ভগ্নী ৰাজকুমাৰী হায়া বিনত আল-হুছেইন আৰু দম্পতীহালৰ দুই সন্তানক প্ৰদান কৰা বৃহৎ পুৰস্কাৰৰ বেছিভাগ হৈছে তেওঁলোকৰ জীৱনজোৰা নিৰাপত্তা নিশ্চিত কৰা, শ্বেইখৰ দ্বাৰা তেওঁলোকৰ বাবে সৃষ্টি হোৱা গুৰুতৰ বিপদাশংকা সমাধান কৰা নহয় বুলি মন্তব্য কৰে বিচাৰক ফিলিপ মুৰে।
বিচাৰকজনে কয়, “হায়াই নিৰাপত্তাৰ বাহিৰে আন কোনো পুৰস্কাৰ বিচৰা নাই। বৈবাহিক ভাঙোনৰ ফলত তেওঁ হেৰুওৱা সম্পত্তিৰ বাবে তেওঁক ক্ষতিপূৰণ দিবলৈ কোৱা নাই।”
বিচাৰক মুৰে মহম্মদক তেওঁৰ ব্ৰিটিছ গৃহসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে হায়াক তিনি মাহৰ ভিতৰত ২৫১.৫ নিযুত পাউণ্ড পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।
সংযুক্ত আৰৱ এমিৰেটৰ উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী শ্বেখক ১৪ বছৰীয়া জলীলা আৰু ৯ বছৰীয়া জায়েদৰ শিক্ষাৰ বাবে ৩ মিলিয়ন পাউণ্ড আৰু ৯.৬ নিযুত পাউণ্ড বকেয়া প্ৰদান কৰিবলৈও কোৱা হৈছে। তেওঁক শিশুৰ তত্বাৱধানৰ বাবে আৰু প্ৰাপ্তবয়স্ক হ’লে তেওঁলোকৰ সুৰক্ষাৰ বাবে বছৰি ১১.২ নিযুত পাউণ্ড পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হয়।
উল্লেখ্য যে বিবাহ বিচ্ছেদৰ পিছত এইদৰে প্ৰদান কৰিবলগীয়া ধনৰাশিৰ হিচাপত এই পৰিমাণেই সৰ্বাধিক। ইয়াৰ পূৰ্বে ২০১৬ চনত এজন ৰাছিয়ান বিলিয়নেয়াৰে প্ৰাক্তন পত্নী তাতিয়ানা আখমেদোভাক প্ৰায় ৪৫০ নিযুত ইউৰো প্ৰদান কৰিছিল।