ওদালগুৰি জিলাৰ যান-বাহন পৰিদৰ্শক বীৰেন চন্দ্ৰ দেউৰিক গ্ৰেপ্তাৰ

যান-বাহন পৰিদৰ্শক বীৰেন চন্দ্ৰ দেউৰি

সহকৰ্মীক চোকা বস্তুৰে আক্ৰমণত কৰাৰ অপৰাধত ওদালগুৰি জিলাৰ যান-বাহন পৰিদৰ্শক (MVI) বীৰেন চন্দ্ৰ দেউৰিক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দেউৰি দৰং জিলাৰো অতিৰিক্ত দায়িত্বত আছে।

প্ৰাপ্ত তথ্য মতে, দৰঙৰ জিলা পৰিবহণ কাৰ্য্যালয়ৰ এনফ’ৰ্চমেণ্ট ইন্সপেক্টৰ দীপক পাটোৱাৰিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৩/৩২৬ ধাৰাৰ অধীনত ৯২৪/১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি দেউৰিক গ্ৰেপ্তাৰ কৰে।

এজাহাৰত তেওঁ উল্লেখ কৰা অনুসৰি আজি কাৰ্য্যালয়ৰ কাম-কাজ চলি থকাৰ সময়ত কিবা এটা কথাক হোৱা তৰ্কাতৰ্কিৰ পিছতে পৰিদৰ্শক বীৰেন দেউৰিয়ে চোকা বস্তুৰে আক্ৰমণ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয়।

আনহাতে পৰিদৰ্শক দেউৰিয়েও মঙলদৈ আৰক্ষী থানত দীপক পাটোৱাৰিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ  ২৯৪ (A)/৩৫৩/৪২৭/৩০৭ ধাৰাৰ অধীনত ৯২৬/১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰে।

অৱশ্যে পিছত দুয়োজন অভিযুক্তকে স্বাস্থ্যজনিত কাৰণত জামিনত মুকলি কৰি দিয়া হয় বুলি মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই জানিবলৈ দিয়ে।