NORTHEAST NOW (Assamese)

চিকিৎসকৰ ভয়াৱহ স্বীকাৰোক্তি: চৰকাৰী কোৱাৰ্টাৰত চলাইছে অবৈধ গৰ্ভপাতৰ ক্লিনিক!

April 25, 2023 11:55 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 25, 2023 11:57 am
প্ৰতিনিধিত্বমূলক ছবি

ওদালগুৰিত নিজ চৰকাৰী কোৱাৰ্টাৰত অবৈধ গৰ্ভপাতৰ ক্লিনিক চলাই আছে এগৰাকী চিকিৎসকে। স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকলৈ এখন পত্ৰযোগে এই কথা স্বীকাৰ কৰিছে খোদ চিকিৎসক গৰাকীয়ে।

অবৈধ গৰ্ভপাতৰ ক্লিনিক চলাই থকা ডাঃ যতীন নাথ নামৰ চিকিৎসকগৰাকীৰ প্ৰতিবেদনৰ পিছতে স্বাস্থ্য বিভাগে এই বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে। ওদালগুৰি জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ ভুৱনেশ্বৰ স্বৰ্গীয়াৰীয়ে বিষয়টোৰ তদন্ত কৰে।

তদন্তৰ সময়ত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। তদন্ত প্ৰতিবেদন অনুসৰি চিকিৎসকগৰাকীয়ে কোনো শৈক্ষিক অৰ্হতা নোহোৱাকৈয়ে গৰ্ভপাতৰ অস্ত্ৰোপচাৰ চলাই আছে।

ডাঃ যতীন নাথে যুটীয়া সঞ্চালকলৈ লিখা এখন পত্ৰত নিজৰ চৰকাৰী কোৱাৰ্টাৰত অবৈধ গৰ্ভপাতৰ ক্লিনিক চলাই কোনো শৈক্ষিক অৰ্হতা অবিহনে অস্ত্ৰোপচাৰ কৰা বুলি স্বীকাৰ কৰে।

ডাঃ স্বৰ্গিয়াৰীয়ে ৰাজ্যৰ স্বাস্থ্য সঞ্চালকক তদন্তৰ প্ৰতিবেদন দাখিল কৰি বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন (বিটিআৰ) স্বাস্থ্য বিভাগক এই বিষয়ে অৱগত কৰে।

যোৱা ২১ এপ্ৰিলত ওদালগুৰিত অবৈধভাৱে চলোৱা গৰ্ভপাতৰ ক্লিনিক বন্ধ কৰি দিয়া হৈছিল।ওদালগুৰি জিলাৰ ৰৌতা মডেল হাস্পতালৰ পিছফালে থকা গৰ্ভপাতৰ ক্লিনিকখন অবৈধভাৱে চলাই আছিল ডাঃ নাথে।

ইতিমধ্যে এইগৰাকী চিকিৎসকৰ অবৈধ গৰ্ভপাতৰ চিকিৎসাত প্ৰাণ হেৰুৱাইছে কেইবাগৰাকী মহিলাই। ইফালে স্থানীয় লোকেও চিকিৎসকগৰাকীৰ অস্ত্ৰোপচাৰৰ সময়ত বহু ৰোগীৰ মৃত্যু হোৱাৰ প্ৰমাণ আছে বুলি দাবী কৰিছে।

Related News