মহাৰাষ্ট্ৰৰ পৌৰসভা নিৰ্বাচনৰ পূৰ্বেই সলনি হৈছে নেকি ৰাজনৈতিক সমীকৰণ! ভাষাৰ বিতৰ্কক লৈ শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে আৰু এম এন এছৰ মুৰব্বী ৰাজ থাকৰেই তেওঁলোকৰ মাজৰ দূৰত্ব হ্ৰাস কৰি ওচৰ চাপিছে! ৫ জুলাইত মুম্বাইত একেখন মঞ্চত দেখা যাব দুয়োজন ভাতৃক!
মহাৰাষ্ট্ৰৰ বিদ্যালয়ত হিন্দীক বাধ্যতামূলক কৰাৰ পদক্ষেপৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিব দুয়ো! সমদলৰো আয়োজন কৰিব।
জানিব পৰা মতে, ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি বিদ্যালয়ত তিনিটা ভাষা বাধ্যতামূলক কৰাৰ বিৰুদ্ধে উদ্ধৱ আৰু ৰাজ থাকৰে একে পদযাত্ৰা কৰিব। এই বিষয়ত শাৰদ পাৱাৰৰ এন চি পি থাকৰে ভাতৃদ্বয়ৰ সৈতে আছে। শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ মুৰব্বী ৰাজ থাকৰেৰ মিলাপ্ৰীতিয়ে মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক নতুন সমীকৰণৰ বাৰ্তা প্ৰেৰণ কৰিছে।
মুম্বাই পৌৰ নিগমৰ নিৰ্বাচন চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব। বহুতে বিশ্বাস কৰে যে হিন্দীক বাধ্যতামূলক কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দুয়ো ভাতৃ একলগ হোৱাৰ আঁৰত ৰাজনৈতিক হিচাপ আছে। পৌৰসভা নিৰ্বাচনৰ কথা মনত ৰাখি উদ্ধৱ আৰু ৰাজ থাকৰে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিছে।
মন কৰিবলগীয়া যে চলিত বৰ্ষৰ এপ্ৰিল মাহত মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰে মাৰাঠী আৰু মহাৰাষ্ট্ৰৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ১ম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ হিন্দীক বাধ্যতামূলক তৃতীয় ভাষা হিচাপে ঘোষণা কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বিতৰ্কৰ মাজতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে এই সিদ্ধান্তৰ পৰা আপাততঃ আঁতৰি যাব বুলি ঘোষণা কৰিছে। শেহতীয়াকৈ ৰাজ্যিক কেবিনেট বৈঠকত হিন্দীক তৃতীয় ভাষা হিচাপে বাধ্যতামূলক কৰাৰ বিষয়টো পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
অৱশ্যে ইয়াৰ পাছতো ভাষাৰ বিতৰ্ক শেষ হোৱা নাই। হিন্দীক বাধ্যতামূলক কৰাৰ বিষয়টো চৰকাৰে সম্পূৰ্ণৰূপে বাতিল কৰা নাই বুলি বিৰোধীয়ে দাবী কৰিছে। ই সেই কথা মনত ৰাখি এইবাৰ উদ্ধৱ আৰু ৰাজে মিত্ৰতা কৰি ৰাজপথত নামিছে।