উদ্ধৱ থাকৰেৰ ঘৰলৈ ডাউদ ইব্ৰাহিমৰ ফোন; মুখ্য মন্ত্ৰীৰ বাসভৱন উৰুৱাই দিয়াৰ ভাবুকি!

uddhavthackeray-dawood

মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে আৰু মাফিয়া ডাউদ ইব্ৰাহিম। ফাইল ফটো

মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেৰ মুম্বাইৰ ঘৰলৈ পাকিস্তানত আশ্ৰয় লৈ থকা মাফিয়া ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠই ফোন কৰি ভাবুকি দিছে।

ইয়াৰ পাছতে ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনে জৰুৰী সতৰ্কতামূলক ব্যৱস্থা হিচাপে মুখ্য মন্ত্ৰী গৰাকীৰ নিৰাপত্তা কটকটীয়া কৰি তুলিছে।

উদ্ধৱ থাকৰেৰ বাসভৱন ‘মাতশ্ৰী’লৈ শনিবাৰে নিশা এক অচিনাক্ত কণ্ঠই ফোন কৰি নিজকে ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ বুলি চিনাকি দিয়ে।

অৱশ্যে, বান্দ্ৰা ইষ্টত থকা মুখ্য মন্ত্ৰীৰ বাসভৱন উৰুৱাই দিয়াৰ দাবীক নস্যাৎ কৰিছে ৰাজ্যখনৰ মন্ত্ৰী তথা শিৱসেনাৰ নেতা অনিল পৰবে।

নিজকে ডাউদ ইব্ৰাহিমৰ দলৰ সদস্য বুলি চিনাকি দিয়া এজন অজ্ঞাত ব্যক্তিয়ে মুখ্য মন্ত্ৰীৰ সৈতে ফোনত কথা পাতিব বিচাৰিছিল।

মুখ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, উক্ত ব্যক্তিগৰাকীয়ে কেবল মুখ্য মন্ত্ৰীৰ সৈতে কথাহে পাতিব বিচাৰিছিল।  ঘৰ উৰুৱাই দিয়াৰ কথা কোৱা নাছিল।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টো আৰক্ষীক জনোৱা হৈছে। তেওঁলোকে তদন্ত আৰম্ভ কৰি সেই ফোনকলৰ সন্ধান কৰিছে আৰু ব্যক্তিজন ডাউদৰ দলৰ সদস্য হয়নে নহয় তাৰো বিতং পৰীক্ষা কৰি আছে।

মুখ্য মন্ত্ৰী থাকৰেই লগতে কয় যে এনেদৰে ভাবুকি দিয়াৰ সাহস কাৰো হোৱা নাই। চৰকাৰে এনে ব্যক্তিক সাৰি যাব নিদিয়ে।

বাতৰি অনুসৰি, শনিবাৰে নিশা মুঠতে তিনি-চাৰি বাৰ মুখ্য মন্ত্ৰীৰ বাসভৱনলৈ অচিনাকি নম্বৰৰ পৰা ফোন আহিছিল। অৱশ্যে, চৰকাৰী সূত্ৰই এইকথা নিশ্চিত কৰা নাই।

ইপিনে, ফোন অহাৰ ঘটনাৰ পাছতে মুখ্য মন্ত্ৰীকে ধৰি তেওঁৰ কাৰ্যালয় তথা বাসভৱনৰ কৰ্মীসকলৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।