NORTHEAST NOW (Assamese)

Maharastra political crisis কোভিডত আক্ৰান্ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে! ভাৰ্চুৱেলী কৰিলে কেবিনেট বৈঠকত অংশগ্ৰহণ

June 22, 2022 6:36 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: June 22, 2022 6:47 pm

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট ঘনীভূত হৈ পৰাৰ সময়তে কোভিডত আক্ৰান্ত হৈছে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে।

কিন্তু শেষ চেষ্টা হিচাবে তেওঁ ভাৰ্চুৱেলী কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে।

মাৰাঠী ভাষাত আবেগিক ভাষণ দি থাকৰেই কয় যে ৰাজনীতিত তেওঁৰ পাবলগীয়া একো নাই। মাৰাঠী জনতাৰ বাবে তেওঁৰ যুঁজ সদায় অব্যাহত থাকিব। মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁ লালায়িত নহয় বুলিও কয়।

উল্লেখ্য কেবিনেট বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে কোভিডত আক্ৰান্ত হোৱা বুলি মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুৰব্বী নানা পাটোলে আৰু ৰাজ্যখনৰ কংগ্ৰেছ পৰ্যবেক্ষক কমল নাথে প্ৰকাশ কৰিছে।

শিৱসেনাৰ ৫৫ জন বিধায়কৰ ভিতৰত প্ৰায় ৪০ জন বিধায়কে গুৱাহাটীত বিদ্ৰোহী একনাথ চিন্দেৰ সৈতে পদত্যাগ কৰিব পাৰে বুলি চৰ্চা চলি থকাৰ মাজতে আজি সন্ধিয়া সাত বজাত চিন্দেই গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰিব বুলি জানিব পৰা গৈছে।

শিৱসেনাৰ ৩৩ জন আৰু ৭ জন নিৰ্দলীয়সহ মহাৰাষ্ট্ৰৰ মুঠ ৪০ জন বিধায়কে একনাথ চিন্দেলৈ তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে বুলি নিশ্চিত কৰা হৈছে।

চিন্দেই ইতিমধ্যে মহাৰাষ্ট্ৰৰ ৰাজ্যপালক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাবলৈ আহ্বান জনাব বুলিও জনা গৈছে।

শেহতীয়া খবৰ অনুসৰি মুখ্যমন্ত্ৰী থাকৰেৰ কোভিডৰ আৰটিপিচিআৰ ৰিপোৰ্ট নিগেটিভ আহিছে।

অৱশ্যে ৰেপিড পৰীক্ষাত তেওঁৰ কোভিড পজিটিভ দেখুৱাইছিল।

 

Related News