DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পলাই অহা শিৱসেনা বিধায়কৰ বিস্ফোৰক মন্তব্য- ’মোক বিষাক্ত বেজী দি হত্যা কৰিব বিচাৰিছিল!’

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 22, 2022 8:25 pm
183
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ দ্ৰুত গতিত পট পৰিৱৰ্তন ঘটিছে। একনাথ চিন্দেৰ শিবিৰ ত্যাগ কৰি পলায়ন কৰা বুলি চৰ্চা হোৱা শিৱসেনাৰ দুজন বিধায়ক নিতিন দেশমুখ আৰু কৈলাশ পাটিলে চুৰাটৰ পৰা কিদৰে ‘পলাই’ আহিছিল সেই বৰ্ণনা বিধায়ক দুগৰাকীয়ে দাঙি ধৰিছে। শিৱসেনাৰ বিধায়ক নিতিন দেশমুখে আনকি গুজৰাট আৰক্ষীয়ে তেওঁক বিষাক্ত বেজীৰে হত্যা কৰাৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে।

তেওঁ কয় যে তেওঁ এজন প্ৰকৃত শিৱ সৈনিক আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতেই তেওঁ আছে। তেওঁ কয় “মই পথভ্ৰষ্ট হৈছিলোঁ আৰু চুৰাটলৈ গৈছিলো। মই পলাই যাবলৈ চেষ্টা কৰিছিলো, কিন্তু গুজৰাট আৰক্ষীয়ে মোক বাধা দিছিল,” ।

তেওঁ কয় যে তেওঁৰ কোনো স্বাস্থ্যজনিত সমস্যা নাই, কিন্তু এজন চিকিৎসকে গুজৰাটত তেওঁক কৈছিল যে তেওঁ হৃদযন্ত্ৰৰ সমস্যাত ভুগিছিল।” মই আচৰিত হৈছিলোঁ আৰু এই বিষয়ত প্ৰশ্ন কৰিছিলো, কিন্তু তেওঁলোকে মোক সন্তোষজনক উত্তৰ দিব নোৱাৰিলে। তেওঁলোকে মোক কিছুমান বেজী দিছিল। ফলত মোৰ গাটো বেয়া লাগিছিল। ২০০-২৫০ জন গুজৰাট আৰক্ষীৰ লোকে মোক অনুসৰণ কৰিছিল। তেওঁলোকৰ কিছুমানে আনকি যেতিয়া মই পলাই যাবলৈ চেষ্টা কৰিছিলো তেতিয়া মোক প্ৰহাৰ কৰিছিল। মই সুখী যে মই সকলো অতিক্ৰম কৰি মহাৰাষ্ট্ৰলৈ উভতি আহিব পাৰিছো। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু শিৱ সৈনিকসকলৰ সমৰ্থনৰ বাবেই মই এজন শিৱসেনাৰ বিধায়ক। মই এতিয়া গুৱাহাটীত থকা আন বিধায়কসকলকো মুম্বাইলৈ উভতি আহি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে থাকিবলৈ অনুৰোধ জনাইছো,” ।

ইয়াৰ আগতে, নিতিন দেশমুখৰ পত্নীয়ে আকোলা আৰক্ষী থানাত তেওঁৰ স্বামী নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল। চুৰাটৰ উভতি অহা শিৱসেনাৰ বিধায়ক কৈলাশ পাটিলেও কয় যে তেওঁ বিপথে পৰিচালিত হৈছিল। তেওঁ কৈছিল যে একনাথ চিন্দেই তেওঁক ডিনাৰলৈ আমন্ত্ৰণ জনাইছে। তেওঁ বিশ্বাস কৰিছিল যে এটা ডিনাৰ পাৰ্টি হয়তো আয়োজন কৰা হৈছে।

কিন্তু তেওঁক গুজৰাটলৈহে লৈ যোৱা হ’ল। পাটিলে কয় যে তেওঁ চাৰি কিলোমিটাৰতকৈও অধিক খোজ কাঢ়িছিল আৰু মুম্বাইলৈ উভতি যাবলৈ এখন ব্যক্তিগত ট্ৰাকতো উঠিছিল। সেই মুহূৰ্তটো ব্যাখ্যা কৰি তেওঁ কয় ’ মই তেতিয়া অন্ধকাৰ অৰণ্যলৈ দৌৰি গৈছিলো আৰু নিজকে এটা জোপোহাৰ পিছফালে লুকুৱাই ৰাখিছিলো।

তাৰ পিছত, অন্ধকাৰৰ মাজে মাজে মই মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ সীমালৈ দৌৰি আছিলো। এনেদৰে মই এটা সময়ত মুম্বাই পাবলৈ সক্ষম হৈছিলো। মই আনকি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক ফোন কৰিছিলো আৰু তেওঁক চিন্দেৰ ষড়যন্ত্ৰৰ বিষয়ে অৱগত কৰিছিলো। মই সকাহ পাইছো যে মই মুম্বাইলৈ ঘূৰি আহিব পাৰিছো। ” ।

শিৱসেনাৰ নেতা সঞ্জয় ৰাউতেও অভিযোগ কৰিছিল যে সেনাৰ বিধায়কসকলক বিজেপিৰ সহায়ত বল প্ৰয়োগ কৰি অপহৰণ কৰা হৈছিল। উল্লেখ্য শিৱসেনাৰ বিধায়কসকলক প্ৰথমে চুৰাটৰ হোটেললৈ আৰু তাৰ পিছত গুৱাহাটীলৈ লৈ যোৱা হৈছিল।

Recent News

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd