যুদ্ধৰ প্ৰভাৱ: ছেইণ্ট পিটাৰ্ছবাৰ্গৰ পৰা পেৰিছলৈ স্থানান্তৰিত উৱেফা চেম্পিয়নচ্ লীগৰ ফাইনেল

UEFA Champions League

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক আক্ৰমণৰ প্ৰভাৱ পৰিছে ফুটবল জগতত। চলিত ছিজনৰ উৱেফা চেম্পিয়নচ্ লীগৰ ফাইনেল ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ পৰা পেৰিছলৈ স্থানান্তৰিত কৰাৰ কথা ঘোষণা কৰিছে উৱেফাই।

ইউৰোপীয় ফুটবলৰ নিয়ন্ত্ৰক সংস্থাটোৱে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে এখন জৰুৰী সভা অনুষ্ঠিত কৰে। এই সভাতে ২৮ মে’ত অনুষ্ঠিত হ’বলগীয়া ফাইনেলখনৰ ভেন্যু হিচাপে পেৰিছক ঘোষণা কৰা হয়।

ইউৰোপীয় ক্লাব ফুটবলৰ আটাইতকৈ সন্মানীয় খেলখন এই অস্বাভাৱিক সংকটৰ সময়ত ফ্ৰান্সলৈ স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সমৰ্থন আৰু প্ৰতিশ্ৰুতিৰ বাবে উৱেফাই ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক ধন্যবাদ জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত ছিজনৰ উৱেফা চেম্পিয়নচ্ লীগৰ ফাইনেলখন ছেইণ্ট পিটাৰ্ছবাৰ্গৰ গেজপ্ৰম এৰেনাত অনুষ্ঠিত হোৱাৰ কথা আছিল।

এই ষ্টেডিয়ামখনত যোৱা বৰ্ষৰ ইউৰোপিয়ান চেম্পিয়নশ্বিপ আৰু ২০১৮ চনৰ বিশ্বকাপত কেইবাখনো মেচ অনুষ্ঠিত হৈছিল।

আনহাতে ৰাছিয়া আৰু ইউক্ৰেইনৰ আন্তঃৰাষ্ট্ৰীয় ফুটবল দলকেইটাৰ লগতে ক্লাবসমূহেও পৰৱৰ্তী জাননী নোপোৱালৈকে নিৰপেক্ষ স্থানত ঘৰুৱা খেল খেলিব লাগিব বুলি ঘোষণা কৰিছে উৱেফাই।

তদুপৰি এনে পৰিস্থিতিত ফিফাই অহা ২৪ মাৰ্চত পোলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী প্লে-অফ মেচত অৱতীৰ্ণ হ’বলগীয়া ৰাছিয়াক নিৰপেক্ষ স্থানত খেলিবলৈ বাধ্য কৰিব পাৰে।