উজ্জ্বলা যোজনাৰ গেছ পোৱা নাই : হাবিত খৰি লুৰিবলৈ গৈ বন্যহস্তীৰ আক্ৰমণত নিহত দৰিদ্ৰ মহিলা
ঘৰত ৰন্ধন গেছ নথকাৰ বাবে হাবিৰ পৰা খৰি লুৰিবলৈ গৈছিল এগৰাকী দৰিদ্ৰ মহিলা। তেওঁ বাৰে বাৰে প্ৰধানমন্ত্ৰী উজ্জলা যোজনাৰ অধীনত চিলিণ্ডাৰ বিচাৰিছ্ল যদিও লাভ কৰা নাছিল। যাৰ বাবে দৈনিক হাবিৰ পৰা খৰি সংগ্ৰহ কৰিয়েই ৰন্ধা-বঢ়া কৰিছিল। কিয়নো ৮৫৬.৪০ টকাত ১৫ কেজিৰ গেছ চিলিণ্ডাৰ কিনিব পৰাকৈ স্বচ্ছল নাছিল তেওঁৰ পৰিয়াল।
আলিপুৰদুৱাৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। আইন ভংগ কৰি খৰি সংগ্ৰহৰ বাবে হাবিত প্ৰৱেশ কৰিছিল মহিলাগৰাকীয়ে।
উল্লেখ্য যে যোৱা ৫ দিনত হাবিত খৰি সংগ্ৰহৰ বাবে গৈ হাতীৰ আক্ৰমণত ৪ জন লোকৰ মৃত্যু হৈছে।