যৌথ সংগ্ৰামী মঞ্চৰ পৰা আঁতৰিল উজনি অসম মুছলিম কল্যাণ পৰিষদ

20201006_200057

শিৱসাগৰৰ ২০ টাৰো অধিক জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠন একত্ৰিত হৈ গঠন কৰা যৌথ সংগ্ৰামী মঞ্চৰ পৰা আঁতৰি আহিছে উজনি অসম মুছলিম কল্যাণ পৰিষদে।

আজি এক প্ৰেছ বিবৃতি যোগে এই কথা প্ৰকাশ কৰে সংগঠনটোৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়াই।

প্ৰেছ বিবৃতিটোত বড়াই কয়, ২০১৩- ১৪ চনত আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াৰ নেতৃত্বত শিৱসাগৰৰ কুৰিটাতকৈ অধিক জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠন একত্ৰিত হৈ যৌথ সংগ্ৰামী মঞ্চৰ গঠন কৰা হয়।

এই যৌথ সংগ্ৰামী মঞ্চই দলপা কাণ্ড, মিচিং স্বায়ত্ত পৰিষদত অনা মিচিং গাঁও অন্তৰ্ভুক্তিৰ প্ৰতিবাদ কৰাৰ লগতে ‘কা’ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল।

কিন্তু যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক অশ্বিনী চেতিয়া ৰাজনৈতিক দলত যোগদান আৰু অকাল মৃত্যুৰ বাবে যৌথ সংগ্ৰামী মঞ্চ সাংগঠনিকভাৱে দূৰ্বল হৈ পৰে। আৰু অশ্বিনী কুমাৰ চেতিয়াৰ দৰে এককভাৱে কোনো এজন সংগঠনৰ নেতাই নেতৃত্ব দিব নোৱাৰৰ বাবে যৌথ সংগ্ৰামী মঞ্চৰ কামকাজ স্থবিৰ হৈ পৰে।

এনে সময়তে যৌথ সংগ্ৰামী মঞ্চৰ কেইবাগৰাকী আহ্বায়কে ৰাইজৰ দল নামৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰি যৌথ সংগ্ৰামী মঞ্চখন অস্তিত্বহীন কৰি তুলিলে বুলিও বড়াই উল্লেখ কৰিছে।

বড়াই কয়, আমি সদায় অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখি সাংগঠনিক কামকাজ চলাই আহিছো। কিন্তু এইসকল আহ্বায়কে নতুন ৰাজনৈতিক দলত যোগদান কৰাৰ পূৰ্বে আমাৰ দৰে আন আন সংগঠনৰ নেতৃত্বৰ লগত কোনো আলোচনা নকৰিলে আৰু এবাৰো আমাক অৱগত নকৰিলে বুলিও অভিযোগ কৰিছে বড়াই।

আৰু সেইবাবেই উজনি অসম মুছলিম কল্যাণ পৰিষদে যৌথ সংগ্ৰামী মঞ্চৰ পৰা পদত্যাগ কৰা বুলিও তেওঁ উল্লেখ কৰিছে বিবৃবিটোত।

এতিয়াৰে পৰা উজনি অসম মুছলিম কল্যাণ পৰিষদে অৰাজনৈতিৰ চৰিত্ৰ অক্ষুন্ন ৰাখি নিজাববীয়াকৈ খিলঞ্জীয়া মুছলমান জনগোষ্ঠীৰ উন্নয়নৰ বাবে আন্দোলনৰ কাৰ্যসূচী চলাই যাব বুলি সংগঠনটোৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়াই প্ৰেছ বিবৃত্তিত উল্লেখ কৰে।