NORTHEAST NOW (Assamese)

চিটিবাছতো আৰু নহয়! অতি গধুৰ হোৱাৰ বাবে বিমানৰ পৰা নমাই দিয়া হ’ল ১৯ জন যাত্ৰীক

July 11, 2023 9:33 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰহীত।

উৰণৰ বাবে বিমানখন অতি গধুৰ হৈ পৰাত ১৯ জন যাত্ৰীক নমাই দিয়ে ‘ইজিজেট’ এয়াৰলাইন্সে। ব্ৰিটেইনৰ লেনজাৰ’টৰ পৰা লিভাৰপুললৈ যোৱাৰ পূৰ্বে ৫ জুলাইত সংঘটিত হয় এই ঘটনা।

বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বেয়া বতৰ আৰু বিমানখনৰ ওজনৰ বাবে বিমানখনৰ উৰণত পলম হৈছিল। স্থানীয় সময় অনুসৰি নিশা ৯:৪৫ বজাত উৰণৰ কথা আছিল বিমানখন।

লগতে পঢ়ক: মৰ্মান্তিক খবৰ! মধুৰিআম ছিঙিবলৈ গৈ মাতি আনিলে বিপদ; কুঁৱাত পৰি মৃত্যু ৩টা শিশুৰ

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত পাইলটে কোৱা দেখা গৈছে যে “আজি ইয়ালৈ অহাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। আজি আপোনালোকৰ ইমানবোৰ থকাৰ বাবে বিমানখন যথেষ্ট গধুৰ হৈ পৰিছে আৰু বাহিৰৰ বতৰটোও বৰ ভাল নহয়। অৰ্থাৎ ইয়াত লেনজাৰ’টত বৰ্তমানৰ পৰিৱেশৰ পৰিস্থিতিৰ সৈতে বিমানখন উৰা মাৰিব নোৱাৰাকৈয়ে গধুৰ হৈ পৰিছে।‘’

বতৰৰ পৰিস্থিতি আৰু সকলোৰে সুৰক্ষাৰ বাবে কোনো বিকল্প নাই বুলি পাইলটে জনায়। এনে সমস্যা সমাধানৰ এটাই উপায় হ’ল বিমানখন অলপ পাতল কৰা। ইয়াৰ পিছতে তেওঁ ২০ জন যাত্ৰীক বিমানৰ পৰা নামি আজি ৰাতি লিভাৰপুললৈ উৰা মাৰিব নালাগে বুলি অনুৰোধ জনায়।

পাইলটে লগতে ঘোষণা কৰে যে প্ৰতিজন নামি যোৱা যাত্ৰীক ৫০০ ইউৰো (৬০ হাজাৰ টকা) পৰ্যন্ত ক্ষতিপূৰণ দিয়া হ’ব।

ইজিজেটৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ইয়াৰ পিছতে ১৯ জন যাত্ৰীয়ে স্বেচ্ছাই বিমানখনৰ পৰা নামি যায়।

Related News