ব্ৰিটেইনৰ আদালতত মুখথেকেচা সুৰা সম্ৰাট বিজয় মালিয়াৰ; প্ৰত্যাৰ্পণৰ পথ মুকলি

vijay-mallaya-750x375

সুৰা সম্ৰআট বিজয় মালিয়া। ফাইল ফটো

পুনৰ আদালতত মুখথেকেচা খালে সুৰা সম্ৰাট বিজয় মালিয়াই। ভাৰতক প্ৰত্যাৰ্পণৰ নিৰ্দেশৰ বিৰুদ্ধে ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ত মালিয়াই আবেদন জনাইছিল।

সোমবাৰে ব্ৰিটেইনৰ আদালতে মালিয়াৰ এই আবেদন খাৰিজ কৰে। এতিয়া বিজয় মালিয়াক দেশলৈ কেতিয়া প্ৰত্যাৰ্পন কৰা হ’ব তাৰ ডূড়ান্ত সিদ্ধান্ত ল’ব ব্ৰিটেইনৰ গৃহ সচিব প্ৰীতি পেটেলে।

ইপিনে, আদালতৰ এই ৰায়ক চিবিআইয়ে নিজৰ বিজয় হিচাপে ধৰি লৈছে।

কিংফিচাৰ বিমান পৰিবহন সংস্থাৰ নামত বিজয় মালিয়াই ভাৰতৰ একাধইক বেংকৰ পৰা প্ৰায় ৯হাজাৰ কোটি টকা ঋণ লৈছিল। তেওঁ এই ঋণ পৰিশোধ নকৰাকৈয়ে দেশৰ পৰা পলাই গৈছিল।

ভাৰত চৰকাৰে মালিয়াক দেশলৈ ঘুৰাই অনাৰ বাবে প্ৰচেষ্টা চলাই আছিল যদিও আইনী প্ৰক্ৰিয়াৰ সহায় লৈ মালিয়াই সময় পাৰ কৰিছিল।

যোৱা ফেব্ৰুৱাৰিত বিজয় মালিয়াই তেওঁৰ প্ৰত্যাৰ্পন বিৰুদ্ধে লণ্ডনৰ ৰয়েল আদালতৰ দ্বাৰস্থ হৈছিল।

সোমবাৰে তেওঁৰ সেই আবেদন খাৰিজ কৰি দিয়ে ন্যায়াধীশ ষ্টিপেন আইৰিন আৰু ন্যায়াধীশ এলিজাবেথ লাইংয়ে।

উল্লেখযোগ্য যে যোৱা ৩১ মাৰ্চত সুৰা সম্ৰাট বিজয় মালিয়াই তেওঁক সহায় কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাইছিল।

ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ২১ দিনীয়া ল’কডাউনৰ ফলত তেওঁৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল সমস্যাত পৰিছে বুলি কৈ মালিয়াই ভাৰত চৰকাৰৰ সহায় বিচাৰিছিল।

মালিয়াই নিজৰ টুইটাৰত কৈছিল যে, ‘নভবা নিচিন্তাকৈ ভাৰত চৰকাৰে দেশত ল’কডাউন জাৰি কৰিলেও আমি সেয়া মানি লৈছো। ইয়াৰ ফলত মোৰ সকলো প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে। সকলোবোৰ নিৰ্মাণ বন্ধ কৰা হৈছে। কৰ্মচাৰীসকলক ঘৰলৈ প্ৰেৰণ কৰিব নোৱাৰাৰ লগতে মজুৰিও দিব পৰা নাই। সেয়ে চৰকাৰে সহায় কৰক।’