ব্ৰিটেইনত ধৰা পৰা কোভিডৰ নতুন ষ্ট্ৰেইন বিয়পি পৰিছে ৭০ খন দেশলৈ:বিশ্ব স্বাস্থ্য সংস্থা

a who

শেহতীয়াকৈ কোভিডৰ ভেকচিন আবিষ্কাৰ হৈছে যদিও এতিও পিছে আঁতৰা নাই কোভিডৰ আতংক।

ব্ৰিটেইনত শেহতীয়াকৈ ধৰা পৰা কোভিডৰ নতুন ষ্ট্ৰেইন এতিয়া বিশ্বৰ ৭০ খন  দেশলৈ বিয়পি পৰিছে।

প্ৰধানকৈ কম বয়সৰ লোকক আক্ৰান্ত কৰা কোভিডৰ নতুন প্ৰজাতি বিধ কোভিড-১৯তকৈয়ো বেছি ভয়াৱহ বুলি বিজ্ঞানীসকলে প্ৰমাণ পাইছে বিজ্ঞানীসকলে।

VOC 202012/01 নামৰ কোভিডৰ এই নতুন প্ৰজাতি বিধ ২৫ জানুৱাৰীলৈকে বিশ্বৰ ৭০ খন দেশলৈ বিয়পি পৰা বুলি প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

এই ভাইৰাছ অতি মাৰাত্মক বুলি পুনৰ বাৰ দোহাৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

ইপিনে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিচ জনছনেও কোভিডৰ নতুন প্ৰজাতি বিধক সহজ ভাবে গ্ৰহণ নকৰিবলৈ সকলোকে আহ্বান জনাইছে।

ইপিনে দক্ষিণ আফ্ৰিকাত পোৱা কোভিডৰ নতুন প্ৰজাতি বিধ বিশ্বৰ ৩১ খন দেশলৈ বিয়পি পৰিছে।

দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি বিধৰ নাম ৰখা হৈছে 501Y.V2 বুলি।

ব্ৰিটেইনত কোভিডৰ নতুন ষ্ট্ৰেইন ধৰা পৰাৰ পিছতে চিন্তিত হৈ পৰিছিল বিশ্বৰ বিজ্ঞানীসকল।

কাৰণ ক’ৰ’ণাৰ নতুন প্ৰজাতি বিধ পূৰ্বৰ কোভিড-১৯তকৈয়ো বেছি ভয়াৱহ বুলি প্ৰমাণ হৈছে।

এই নতুন প্ৰজাতিৰ কোভিডে কম বয়সৰ ল’ৰা-ছোৱালীক বেছিকৈ আক্ৰান্ত কৰে বুলিও প্ৰমাণ পোৱা গৈছে।

এনে সময়তে দক্ষিণ আফ্ৰিকাত সৃষ্টি হোৱা কোভিডৰ আন এক প্ৰজাতিৰ সন্ধান পোৱা গৈছে মায়ানগৰী মুম্বাইতো।

মুম্বাইত ধৰা পৰা কোভিডৰ নতুন প্ৰজাতিয়ে তিনিটাকৈ এণ্টিবডিক বিপথে পৰিচালিত কৰে বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।

মুম্বাইৰ খাৰগড়ৰ দাঁতিকাষৰীয়া অঞ্চলত তিনি জন লোকৰ দেহত পোৱা গৈছে আফ্ৰিকাৰ কোভিড প্ৰজাতিৰ।

বিজ্ঞানীসকলে দক্ষিণ আফ্ৰিকাৰ এই কোভিড প্ৰজাতিৰ সৈতে আফ্ৰিকাৰে  আন এবিধ অতিমাৰী সৃষ্টিকাৰী E484K ভাইৰাছৰ সৈতে মিল থকা বুলি মন্তব্য কৰিছে।