NORTHEAST NOW (Assamese)

ব্ৰিটিছ নৌসেনাৰ চাবমেৰিনত মহিলা বিষয়াক যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ নিৰ্দেশ

October 30, 2022 11:21 am · এন ই নাও নিউজ, গুৱাহাটী
অভিযোগ অনা মহিলা নৌসেনা বিষয়া ছোফি ব্ৰুক।

UK navy launches probe into sexual harassment ব্ৰিটেইনৰ ৰাজকীয় নৌসেনাৰ মুৰব্বীয়ে চাবমেৰিন সেৱাত কাম কৰা মহিলাসকল যৌন নিৰ্যাতন তথা উৎপীড়নৰ বলি হোৱাৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছে।

এনে অভিযোগক জঘন্য আখ্যা দি এডমিৰেল বেন কী-য়ে কয়, “ব্ৰিটিছ নৌসেনাত যৌন নিৰ্যাতনৰ কোনো স্থান নাই আৰু ইয়াক কোনো ধৰণে সহ্য কৰা নহ’ব।‘’

তেওঁ লগতে কয়, “যদি কাৰৰোবাৰ বিৰুদ্ধে এনে  অপৰাধৰ প্ৰমাণ পায়, তেন্তে তেওঁক জবাবদিহি কৰা হ’ব।”

লগতে পঢ়ক: মহিলাৰ সৈতে ঘনিষ্ঠতা, হানী ট্ৰেপিং চক্ৰৰ কবলত পৰিয়েই আত্মহত্যা কৰ্ণাটকৰ লিঙ্গায়ত ধৰ্মগুৰুৰ!

ডেইলী মেইলৰ এক প্ৰতিবেদন অনুসৰি, এগৰাকী প্ৰাক্তন মহিলা নৌ সেনা বিষয়া ছোফি ব্ৰুকে অভিযোগ কৰিছিল যে তেওঁ শুই থকা অৱস্থাত এজন উচ্চ পদস্থ বিষয়াই তেওঁক নিৰ্যাতন চলাইছিল। আন এজন জ্যেষ্ঠ বিষয়াইও তেওঁৰ বৃক্কত প্ৰায়েই আঘাত কৰিছিল।

বাতৰি অনুসৰি, উচ্চপদস্থ বিষয়াসকলে আন মহিলা কৰ্মীসকলকো যৌন নিৰ্যাতন চলাইছিল বুলি অভিযোগ কৰা হৈছে।  

আন এজন বিষয়াৰ বিৰুদ্ধে উলংগ কৰি ফটো তোলাৰ অভিযোগো উত্থাপন কৰিছিল মহিলা বিষয়াগৰাকীয়ে।

লগতে পঢ়ক: মহিলাৰ সৈতে ঘনিষ্ঠতা, হানী ট্ৰেপিং চক্ৰৰ কবলত পৰিয়েই আত্মহত্যা কৰ্ণাটকৰ লিঙ্গায়ত ধৰ্মগুৰুৰ!

আন এগৰাকী মহিলা কৰ্মীয়ে অভিযোগ কৰিছিল যে তেওঁলোকক বাৰে বাৰে যৌন সম্পৰ্ক কৰিবলৈ কোৱা হৈছিল।

Related News