ক’ভিদৰ ভয়াৱহতাৰ মাজতে প্ৰধানমন্ত্ৰীৰ বিলাসী পাৰ্টি, ক্ষমা খুজিলে প্ৰধানমন্ত্ৰীয়ে; বিৰোধীৰ পদত্যাগৰ দাবী

Boris Johnson

চাৰিওফালে ক’ভিদ মহামাৰীৰ দ্ৰুত সংক্ৰমণ। ইজনৰ পাছত সিজন লোক আক্ৰান্ত হৈছে ক’ভিদত। মৃত্যুও হৈছে অনেকৰ। লকডাউনৰ ফলত সাধাৰণ জনতাৰ জীৱন বিপদাপন্ন।

তেনেকুৱা স্পৰ্শকাতৰ সময়তে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছিল এটা বিলাসী পাৰ্টি। পাৰ্টিটোত ক’ভিদ প্ৰট’ক’লসমূহ সম্পূৰ্ণভাৱে উলংঘা কৰা হৈছিল। এই লৈ আৰক্ষীয়ে অনুসন্ধান চলাই প্ৰতিবেদন দাখিল কৰে।

তাৰপাছতে এই প্ৰসংগত মুখ খুলে প্ৰধানমন্ত্ৰীয়ে। ক’লে- আই এম ছ’ৰী, মই যি কৰিলো তাৰ বাবে মোক ক্ষমা কৰক! সদনত সোমবাৰে এইদৰে ক্ষমাপ্ৰাৰ্থনা মাগে প্ৰধানমন্ত্ৰীয়ে।

সম্প্ৰতি বিশ্বৰ সংবাদমাধ্যমসমূহ তোলপাৰ লগাই থকা এই ঘটনাটো সংঘটিত হৈছে ব্ৰিটেইনত। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ বিৰুদ্ধে এই অভিযোগ উঠিছে।

কোৱা হৈছে যে ২০২০ চনৰ ১৯ জুনত লণ্ডনৰ ডাউনিং ষ্ট্ৰীটস্থিত প্ৰধানমন্ত্ৰী জনছনৰ কাৰ্যালয়ত পাৰ্টি কৰা হৈছিল। মদ-মাংসৰে ভৰা এই পাৰ্টিটো আয়োজন কৰা হৈছিল প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে।

উক্ত সময়ছোৱাত ক’ভিদ লকডাউন চলি আছিল। যাৰ ফলত লকডাউনৰ উলংঘা কৰা হয়। তদুপৰি পাৰ্টিটোত গোট খাইছিল ৩০ জনকৈ লোক। কিন্তু ক’ভিদ প্ৰট’কল অনুসৰি ৬ জনতকৈ বেছি লোকৰ সমাগম বাৰণ কৰা হৈছিল।

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হোৱাৰ পাছতে বিৰোধী দলসমূহে তেওঁৰ পদত্যাগৰ দাবী কৰে। লণ্ডন আৰক্ষীয়ে বিষয়টো তদন্ত কৰে।

তদন্তৰ প্ৰতিবেদন দাখিল হোৱাৰ পাছতে ক্ষমা প্ৰাৰ্থনা মাগে প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে। কিন্তু ইয়াৰ পাছতো বিৰোধী দলসমূহে জনছনৰ পদত্যাগৰ দাবী কৰিছে।