অশোভনীয় আচৰণৰ অভিযোগত অপসাৰিত ব্ৰিটেইনৰ বাণিজ্য মন্ত্ৰী

ক'নৰ বার্ণছ।

গুৰুতৰ অশোভনীয় আচৰণৰ অভিযোগৰ পিছত ব্ৰিটেইনৰ বাণিজ্য মন্ত্ৰী ক’নৰ বাৰ্ণছক চৰকাৰৰ পৰা অপসাৰণ কৰা হৈছে। ১০ নম্বৰ ডাউনিং ষ্ট্ৰীটত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়ে যে বাণিজ্য মন্ত্ৰী ক’নৰ বাৰ্ণছক বৰ্খাস্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে গুৰুতৰ অপৰাধৰ অভিযোগৰ পিছত প্ৰধানমন্ত্ৰীয়ে ক’নৰ বাৰ্ণছক তাৎক্ষণিকভাৱে চৰকাৰৰ দায়িত্বৰ পৰা পদত্যাগ কৰিবলৈ কোৱা হৈছে।

লগতে পঢ়ক: মেছিৰ দেশত এইবাৰ ইণ্ডোনেছিয়াৰ ঘটনা! পুনৰ ফুটবলৰ খেলপথাৰত সংঘৰ্ষত মৃত্যু সমৰ্থকৰ

তেওঁ লগতে কয়, “এই অভিযোগসমূহৰ পিছত প্ৰধানমন্ত্ৰীয়ে পোনপটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে আৰু স্পষ্ট কৰি দিছে যে সকলো মন্ত্ৰীয়ে ৰাইজে বিচৰাধৰণে উচ্চ মানদণ্ডৰ আচৰণ বজাই ৰাখিব লাগিব।”

বাৰ্ণছক তেওঁৰ দল কনজাৰ্ভেটিভ পাৰ্টিৰ হুইপৰ পদৰ পৰাও আঁতৰাই দিয়া হৈছে। যোৱা সপ্তাহত,তেওঁ এঠাইত “অশোভনীয় আচৰণ” কৰিছিল। এতিয়া তেওঁৰ বিৰুদ্ধে তদন্ত কৰা হ’ব।

লগতে পঢ়ক: অসমসহ উত্তৰ-পূৰ্বাঞ্চলত পাঁচদিনলৈ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

ক’নৰ বাৰ্ণছ ২০১০ চনৰ পৰা বোৰ্ণাৰমাউথৰ এজন সাংসদ হৈ আছে। তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ অধীনত মন্ত্ৰিত্ব লাভ কৰিছিল।