যুদ্ধৰ অশনি সংকেত! দেশৰ সেনা বাহিনীক সষ্টমৰ নিৰ্দেশ ইউক্ৰেনৰ ৰাষ্ট্ৰপতিৰ

Russia-Ukraine crisis

ক্ৰমাৎ যুদ্ধৰ ফালে গতি কৰিছে ৰাছিয়া-ইউক্ৰেন বিবাদে। ইউক্ৰেন সীমান্তত ৰাছিয়াৰ সৈন্যৰ সঞ্চালন বৃদ্ধি পোৱাৰ পাছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে দেশখনৰ সামৰিক বাহিনীক সষ্টম হ’বলৈ নিৰ্দেশ দিছে।

জেলেনস্কিয়ে কয় যে ইউক্ৰেইন চৰকাৰে পৰিস্থিতিৰ সকলো সাম্ভাব্য পৰিৱৰ্তনৰ বাবে ইউক্ৰেইনৰ সেনাৰ প্ৰস্তুতি বৃদ্ধি কৰাটো নিশ্চিত কৰিব।

ইফালে, ইউক্ৰেইনৰ ডনবাছ অঞ্চলত ইউক্ৰেইনৰ চৰকাৰী বাহিনী আৰু বিচ্ছিন্নতাবাদী সকলৰ মাজত যুঁজ তীব্ৰতৰ হোৱা বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ প্ৰকাশিত কিছু ছেটেলাইট ছবিত ৰাছিয়াৰ সৈন্য ইউক্ৰেইনৰ দক্ষিণ, পূব আৰু উত্তৰ সীমাত জমা হোৱা দেখিবলৈ পোৱা গৈছিল।

“ইউক্ৰেন এখন শান্তিপূৰ্ণ ৰাষ্ট্ৰ। আমি শান্তি বিচাৰো। কিন্তু যদি আমি আজি নীৰৱ হৈ থাকোঁ, তেতিয়া কাইলৈ আমি শূন্য হৈ পৰিম।” ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয়।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী অধিকৃত ডনেটস্ক আৰু লুহানস্ক অঞ্চলৰ স্বাধীনতাক স্বীকৃতি দিয়াৰ পিছত ৰাছিয়াৰ সৈন্যই ইতিমধ্যে ইউক্ৰেইনৰ ডনবাছ অঞ্চললৈ স্থানান্তৰিত হৈছে বুলি জানিব পৰা গৈছে।