NORTHEAST NOW (Assamese)

মানৱীয় কৰিড’ৰত আক্ৰমণ চলাইছে ৰাছিয়াই: অভিযোগ ইউক্ৰেইন ৰাষ্ট্ৰপতিৰ

March 11, 2022 9:56 am · এন ই নাও নিউজ, গুৱাহাটী

ক্ৰমাৎ ১৬ দিনত উপনীত হোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাছিয়াৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে।

ইউক্ৰেইনৰ কেইখনমান চহৰৰ সাধাৰণ নাগৰিকৰ স্থানান্তৰৰ বাবে মানৱীয় কৰিড’ৰ বা নিৰাপদ পথ সৃষ্টিত ৰাছিয়াই অনুমতি দিয়াৰ দুদিনৰ ভিতৰত প্ৰায় ১,০০,০০০ লোকে চহৰসমূহ খালি কৰি দিছে বুলি জেলেনস্কিয়ে সদৰি কৰিছে।

কিন্তু ৰাছিয়াৰ সেনা বাহিনীয়ে মাৰিঅ’পোল চহৰত এটা মানৱীয় কৰিড’ৰত চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।

জেলেনস্কিয়ে কৰা মন্তব্য অনুসৰি তেওঁ ৰাছিয়ান সেনা অৱৰোধ কৰা বন্দৰ চহৰখনলৈ খাদ্য, পানী আৰু ঔষধৰ এটা সাহায্য কনভয় প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল।

কিন্তু ৰাছিয়ান সেনাই এই নিৰাপদ কৰিড’ৰটোত তাত এটা টেংক আক্ৰমণ চলাইছিল বুলি অভিযোগ কৰিছে জেলেনস্কিয়ে। এটা ভিডিঅ’ বিবৃতিত তেওঁ ৰাছিয়ান সেনা বাহিনীৰ এই কাৰ্যক ইয়াক সম্পূৰ্ণ সন্ত্ৰাসমূলক আচৰণ বুলি অভিহিত কৰে।

তদুপৰি বুধবাৰে ৰাছিয়ান সেনাই মাৰিঅ’পোলৰ এখন প্ৰসূতি চিকিৎসালয়ত বিমান আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ইউক্ৰেইনে।

এই আক্ৰমণত এগৰাকী যুৱতীসহ তিনিজন লোকৰ মৃত্যু হৈছে বুলি দাবী কৰিছে ইউক্ৰেইনে।

Related News