শাম কটা নাই যুদ্ধ! বোমা আক্ৰমণেৰে ৰাছিয়াত ৰে’ল পথ ধ্বংসৰ দাবী ইউক্ৰেইনৰ

Russia Ukraine war

এতিয়াও বন্ধ হোৱা নাই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। বিগত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰীতে আৰম্ভ হোৱা এই যুদ্ধৰ ভয়াৱহতাই ইতিমধ্যে প্ৰাণসংহাৰ কৰিছে অলেখ লোকৰ। তাৰ মাজতে এইবাৰ ৰাছিয়াৰ ভূমিত এক ভয়াৱহ আক্ৰমণ কৰা বুলি দাবী কৰিছে ইউক্ৰেইনে।

ইউক্ৰেইনৰ নিৰাপত্তা বিভাগৰ দাবী, ৰাছিয়াৰ আভ্যন্তৰত বোমা আক্ৰমণেৰে ইউক্ৰেইনে ৰে’ল সংযোগ ধ্বংস কৰিছে।পূব ৰাছিয়াত এখন চলন্ত ৰে’লত একেৰাহে বিস্ফোৰণ কৰা বুলি ইউক্ৰেইনে দাবী কৰিছে।

চীনৰ সীমান্তলৈ যোৱা বাইকাল আমুৰ লাইনত ইউক্ৰেইনে এই আক্ৰমণ চলোৱা বুলি উল্লেখ কৰিছৈ। ইফালে এই আক্ৰমণৰ পিছতে ৰাছিয়াই সন্ত্ৰাসবাদৰ অপৰাধমূলক গোচৰৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

এই আক্ৰমণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে কোনো খবৰ প্ৰকাশ পোৱা নাই। ইউক্ৰেইনৰ মতে, ৰাছিয়াই সামৰিক উদ্দেশ্যত কেতিয়াবা এই আন্তঃগাঁথনি ব্যৱহাৰ কৰে আৰু এই অংশটোক অক্ষম কৰাই আক্ৰমণৰ উদ্দেশ্য আছিল।

ৰাছিয়ান কৰ্তৃপক্ষই সদৰী কৰা মতে, আক্ৰমণ হোৱা ৰে’লখনৰ ইন্ধনৰ টেংকিত ধোঁৱা পৰিলক্ষিত হোৱাৰ পিছতে ৰে’লখন ৰখাই দিয়া হৈছিল। প্ৰকাশিত খবৰ অনুসৰি বিস্ফোৰণৰ ফলত ইন্ধনৰ টেংকি আৰু ৰেল লাইনৰ ক্ষতিসাধন হৈছে।