ইউক্ৰেইনত দুৰ্নীতিৰ অভিযোগত মন্ত্ৰীসহ নিলম্বন শীৰ্ষ বিষয়াক

ইউক্ৰেইনৰ মন্ত্ৰীসহ কেইবাজনো শীৰ্ষ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ অভিযোগত বৰ্খাস্ত হৈছে কেইবাজনো শীৰ্ষ বিষয়া। ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰপতিৰ এজন শীৰ্ষ উপদেষ্টা, চাৰিজন সহকাৰী মন্ত্ৰী আৰু ৫জন আঞ্চলিক ৰাজ্যপাল।ইউক্ৰেইনৰ মন্ত্ৰীসহ কেইবাজনো শীৰ্ষ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ অভিযোগত বৰ্খাস্ত হৈছে কেইবাজনো শীৰ্ষ বিষয়া। ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰপতিৰ এজন শীৰ্ষ উপদেষ্টা, চাৰিজন সহকাৰী মন্ত্ৰী আৰু ৫জন আঞ্চলিক ৰাজ্যপাল।

ইউক্ৰেইনত দুৰ্নীতিৰ অভিযোগত মন্ত্ৰীসহ নিলম্বন শীৰ্ষ বিষয়াক

ৰুছ ইউক্ৰেইনৰ যুদ্ধৰ মাজতে যেন দুৰ্নীতিয়ে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনক। যুদ্ধৰ মাজতে ইউক্ৰেইনৰ মন্ত্ৰীসহ কেইবাজনো শীৰ্ষ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ অভিযোগত বৰ্খাস্ত হৈছে কেইবাজনো শীৰ্ষ বিষয়া। ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰপতিৰ এজন শীৰ্ষ উপদেষ্টা, চাৰিজন সহকাৰী মন্ত্ৰী আৰু ৫জন আঞ্চলিক ৰাজ্যপাল।

দুৰ্নীতিৰ এই অভিযোগ উত্থাপন হোৱাৰ পিছতেই ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এই অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁৰ নিৰ্দেশৰ পিছতে আৰম্ভ হয় দুৰ্নীতি বিৰোধী অভিযান।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পোৱা খবৰ অনুসৰি শেহতীয়াকৈ কেইবাজনো মন্ত্ৰী আৰু চৰকাৰী বিষয়াৰ বিৰুদ্ধে উৎকোচ, খাদ্য জমা কৰি অধিক মূল্যত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰে এজনে চৰকাৰী ধনেৰে বিলাসী জীৱন যাপন কৰাৰ অভিযোগ উত্থাপন হৈছে।

ৰাষ্ট্ৰপতিৰ উপদেষ্টা মাইখাইলো পডোলিয়াকে কয় যে দুৰ্নীতিগ্ৰস্ত বিষয়াক ন্যায়ৰ কাষ চাপিবলৈ ৰাইজৰ পৰা দাবী উত্থাপন হৈছে। এনে পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰথম পৰ্যায়ৰ দুৰ্নীতি বিৰোধী অভিযানত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে চৰকাৰী অনুমতি অবিহনে চৰকাৰী উচ্চপদস্থ বিষয়াসকলক দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি মঙলবাৰে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সহকাৰী মুৰব্বী কিৰিলো টিমোচেংকোক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। যোৱা ফেব্ৰুৱাৰী মাহত ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনত আক্ৰমণ আৰম্ভ কৰাৰ পিছত টিমোচেংকোৱে জেলেনস্কি চৰকাৰৰ মুখপাত্ৰৰ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ বিৰুদ্ধে চৰকাৰী পুঁজিৰে বিলাসী গাড়ী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে এই অভিযোগ তেওঁ অস্বীকাৰ কৰে।

চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত টেলিগ্ৰামত টিমোচেংকোৱে জেলেনস্কিক তেওঁ “প্ৰতিদিনে আৰু প্ৰতিটো মুহূৰ্ততে ভাল কাম কৰিবলৈ” সুযোগ দিয়াৰ বাবে ধন্যবাদ জনায় ।