যুদ্ধৰ আঁৰৰ খবৰ: ইউক্ৰেইনত যুদ্ধত অৱতীৰ্ণ হৈ মৃত্যুক সাৱটিলে চলচ্চিত্ৰ তাৰকা আৰু গ’স্তোমেলৰ মেয়ৰে

Ukrainian-film-star-killed-in-shelling-and-hero-mayor-shot-dead

ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ গ’স্তোমেল চহৰৰ মেয়ৰ ৬১ বছৰীয়া ইউৰি ইলিচ প্ৰিলিপকো আৰু চলচ্চিত্ৰ তাৰকা ৩৩বছৰীয়া পাছা লি গুলীবিদ্ধ হৈ নিহত হয়। সোমবাৰে আন্তৰ্জাতিক সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পাইছে।

বাতৰি অনুসৰি, ৰাছিয়াৰ আক্ৰমণৰ দ্বাদশ দিনটোত ইউক্ৰেইনৰ এগৰাকী অভিনেতা আৰু স্থানীয় মেয়ৰ দেশৰ হকে যুঁজ দি মৃত্যুবৰণ কৰিছে।

অভিনেতা পাছা লি অভিনয়ৰ লগতে উপস্থাপক তথা ভয়েছ ডাবিং আৰ্টিষ্ট হিচাপে পৰিচিত আছিল। ৰাছিয়াৰ সেনা দখল কৰা ইউক্ৰেইনৰ ইৰপিনত যুঁজত অৱতীৰ্ণ হৈ শত্ৰুৰ গুলীত নিহত হয় লি।

লগতে পঢ়ক: যুদ্ধৰ আঁৰৰ খবৰ: যুদ্ধভূমি কীয়েভত বিবাহপাশত আৱদ্ধ হ’ল সেনা প্ৰেমিক যুগল

আনহাতে, কীয়েভৰ উত্তৰ-পশ্চিমত থকা গ’স্তোমেলৰ মেয়ৰগৰাকী অসামৰিক লোকক খাদ্য আৰু দৰৱ বিতৰণ কৰাৰ সময়ত গুলিবিদ্ধ হৈ মৃত্যুমুখত পৰে।

উল্লেখ্য যে দুয়োগৰাকী ব্যক্তিয়ে ৰাছিয়াৰ সামৰিক অভিযানৰ বিৰুদ্ধে যুঁজখনত ইউক্ৰেইনবাসীক সমৰ্থন কৰা কাৰ্যৰ বাবে প্ৰশংসিত হৈছিল।