NORTHEAST NOW (Assamese)

যুদ্ধৰ খবৰ: ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণ; ৰাছিয়াৰ নিয়ন্ত্ৰণৰ পৰা উদ্ধাৰ খাৰকিভ-ডেৰহাচি!

March 10, 2022 2:08 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই এপষেকত ভৰি দিলে।ৰাছিয়াৰ সামৰিক অভিযানত ইউক্ৰেইৰ এখনৰ পিছত আন এখন চহৰ বিধ্বস্ত হৈ পৰিছে। তাৰমাজতে প্ৰত্যাক্ৰমণ চলাইছে কীয়েভে।

কীয়েভে দাবী কৰা মতে ৰাছিয়াৰ পৰা দুখন বৃহৎ চহৰৰ নিয়ন্ত্ৰণ তেওঁলোকে পুনৰ নিজৰ হাতলৈ আনিছে।

বাতৰি অনুসৰি, ৰাছিয়াৰ নিয়ন্ত্ৰণৰ পৰা ইউক্ৰেইনে ইয়াৰ দুখন প্ৰধান চহৰ খাৰকিভ আৰু ডেৰহাচি পুনৰ উদ্ধাৰ কৰিছে।

লগতে পঢ়ক: পঞ্জাৱত ঝাৰুৰ চাফাই অভিযান! চৰকাৰ গঠনৰ দিশে আম আদমী পাৰ্টী

ইউক্ৰেইনৰ স্থানীয় সংবাদ মাধ্যম কীয়েভ ইনডিপেণ্ডডেন্টৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰি অনুসৰি খাৰকিভৰ প্ৰশাসনিক মুৰব্বী ওলে চিনেগুবোভে জানিবলৈ দিছে যেৰাছিয়ান সেনা চাৰিওপিনৰ পৰা ঘেৰি ৰখা চহৰ দুখনত ইউক্ৰেইনৰ বাহিনীয়ে যোগ্য প্ৰত্যুত্তৰ দিছে।

ইউক্ৰেইনে এই প্ৰত্যাক্ৰমণেৰে ৰাছিয়ান সেনাৰ দখলৰ পৰা খাৰকিভ আৰু ডেৰহাচি পুনৰ নিজৰ হাতলৈ আনিছে।  

আনহাতে, ৰাছিয়ান সেনাই ইউক্ৰেইনৰ মাৰিওপ’লৰ এখন শিশু হাস্পাতালত বোমাৰে আক্ৰমণ চলোৱাত কমেও ১৭জন লোক আহত হৈছে।

লগতে পঢ়ক:মণিপুৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা এন বীৰেন সিং বিজয়ী, লাইভ আপডেট

ইপিনে, ইউক্ৰেইনৰ সেনাবাহিনীৰ মুৰব্বীগৰাকীয়ে দাবী কৰা মতে বিগত ১৪দিনৰ যুদ্ধত কমেও ১২০০ৰাছিয়ান সেনা নিহত হৈছে।

নিজৰ ফেচবুক পেজত ৰাছিয়াৰ ক্ষয়ক্ষতিৰ হিচাপ দাঙি ধৰি তেওঁ জনায় যে ইতিমধ্যে ৩১৭খন ৰাছিয়ান টেংক, ১০৭০খন অস্ত্ৰ সজ্জিত গাড়ী, ১২০টা কামান, ৪৯খন যুদ্ধবিমান, ৮১খন হেলিকপ্টাৰ, ৩খন জাহাজ তথা বহুকেইখন বোমা পৰিবাহী টেংক ধ্বংস হৈছে।

প্ৰায় এপষেক ধৰি যুদ্ধ চলায়ো পুটিনৰ ৰাছিয়ান সেনাই এতিয়ালৈকে ইউক্ৰেইনৰ ওপৰত নিয়ন্ত্ৰণ সাৱ্যস্ত কৰিবলৈ সক্ষম হোৱা নাই। 

Related News