Russia-Ukraine War: ভাৰতকে ধৰি পাঁচখন দেশত থকা ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতক বৰ্খাস্ত ৰাষ্ট্ৰপতি জেলেনস্কিৰ

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি।

Zelensky sacks Ukraine’s ambassadors ৰাছিয়াৰ সৈতে যুদ্ধ চলি থকাৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিলে। তেওঁ ভাৰতকে ধৰি পাঁচখন দেশত  থকা ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতসকলক বৰ্খাস্ত কৰে। অৱশ্যে, তেওঁলোকক বৰ্খাস্ত কৰাৰ কাৰণ জানিব পৰা হোৱা নাই।

ভাৰতৰ উপৰিও ৰাষ্ট্ৰপতি জেলেনস্কিয়ে জাৰ্মানী, চেক গণৰাজ্য, নৰৱে আৰু হাংগেৰীত থকা ৰাষ্ট্ৰদূতকেইজনকো বৰ্খাস্ত কৰিছে।

ৰাষ্ট্ৰপতিয়ে জাৰী কৰা নিৰ্দেশত তেওঁলোকক আন কোনো পদত পুনৰ সংস্থাপন কৰা হ’ব নে নাই সেই সন্দৰ্ভতো কোনো বাৰ্তা দিয়া নাই।

লগতে পঢ়ক: Sri lanka Crisis: শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহেৰ পদত্যাগ, জনতাৰ ভিৰত কঁপিছে কলম্বো

বিগত ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা জেলেনস্কিয়ে তেওঁৰ কূটনীতিবিদসকলক বিদেশী সাহায্য আনিবলৈ আহ্বান জনাই আহিছে। যিসকলে সেই সাহায্য অনাত সফল হোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত এই পদক্ষেপ লোৱা হৈছে বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে যুদ্ধৰ তীব্ৰ বিৰোধিতা স্বত্বেও ভাৰতে ৰাছিয়াৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক বজাই ৰাখিছে। আনহাতে জাৰ্মানীও ইন্ধনৰ বাবে ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোক এতিয়াও ৰাছিয়াৰ সৈতে সম্পৰ্ক অটুট ৰাখিছে।

লগতে পঢ়ক: Mohammed Zubair summoned again: কেতিয়া পাব সকাহ? জামিন লাভৰ এদিন পিছতে মহম্মদ জুবেইৰলৈ পুৰণি গোচৰত পুনৰ চমন

কিন্তু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইয়াক কূটনৈতিক বিফলতা বুলি বিবেচনা কৰিছে। সেইকাৰণে সংশ্লিষ্ট দেশসমূহত থকা ৰাষ্ট্ৰদূতসকলক অপসাৰণ কৰা হৈছে বুলি কূটনৈতিক বিশেষজ্ঞসকলে ধাৰণা কৰে।