• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Mohammed Zubair summoned again: কেতিয়া পাব সকাহ? জামিন লাভৰ এদিন পিছতে মহম্মদ জুবেইৰলৈ পুৰণি গোচৰত পুনৰ চমন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2022 7:11 am
মহম্মদ জুবেইৰ।

মহম্মদ জুবেইৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Mohammed Zubair summoned again শাসক পক্ষৰ চক্ৰান্তৰ বলি হৈছে মহম্মদ জুবেইৰ? বিভিন্ন গোচৰত বাৰে বাৰে গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা জনপ্ৰিয় তথ্য পৰীক্ষণ ৱেবছাইট অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক তথা সাংবাদিক মহম্মদ জুবেইৰ সন্দৰ্ভত এইটো হৈছে সবাতোকৈ চৰ্চিত প্ৰশ্ন।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত উত্তৰ প্ৰদেশৰ সীতাপুৰত ৰুজু হোৱা এটা গোচৰত জামিন লাভ কৰাৰ পাছতে শনিবাৰে পুনৰ তথ্য পৰীক্ষক গৰাকীলৈ জাৰি কৰা হৈছে আৰক্ষীৰ আন এক চমন। বিগত বৰ্ষৰ ছেপ্টেম্বৰত জুবেইৰৰ বিৰুদ্ধে ৰুজু কৰা এটা গোচৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ আৰক্ষীয়ে তেওঁলৈ চমন জাৰি কৰিছে।

লগতে পঢ়ক: Sri Lanka Crisis: শ্ৰীলংকাৰ গণ বিক্ষোভ; ৰাজপথলৈ ওলাই আহিল ক্ৰিকেটাৰ সনথ জয়সূৰ্য

Apply Now

২০২১ চনৰ ১৪ মে’ত জুবেইৰে কৰা এটা টুইটৰ বাবে সুদৰ্শন নিউজ নামৰ সংবাদ প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীয়ে এই অভিযোগ দাখিল কৰিছিল। আশীষ কাটিয়াৰ নামৰ অভিযোগকাৰী গৰাকীয়ে অভিযোগ কৰিছিল যে জুবেইৰে তেওঁৰ টুইটৰ জৰিয়তে মানুহক বিপথে পৰিচালিত কৰিছিল। টুইটটোত জুবেইৰে সুদৰ্শন চেনেলৰ ইজৰাইল-পেলেষ্টাইন বিবাদৰ কভাৰেজৰ ভুৱা প্ৰচাৰ ফাদিল কৰিছিল।

দিল্লী ভিত্তিক সুদৰ্শন নিউজ নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ কভাৰেজৰ অংশ হিচাপে মুছলমানসকলৰ পবিত্ৰ চহৰ মদিনাৰ মছজিদৰ গ্ৰীণ ডোম আন-নাবাৱীত বোমা বিস্ফোৰণৰ এক গ্ৰাফিকেল ছবি প্ৰচাৰ কৰিছিল।

আদালতলৈ নিয়াৰ সময়ত মহম্মদ জুবেইৰ। ফাইল ফটো।

মহম্মদ জুবেইৰে এই মিথ্যাচাৰিতা ফাদিল কৰি এটা টুইটযোগে লিখিছিল যে সোঁপন্থী প্ৰচাৰ মাধ্যম সুদৰ্শন নিউজ টিভিয়ে মদিনাৰ আল মছজিদ এন নাবাৱিৰ এখন ছবি ব্যৱহাৰ কৰি গাজাৰ এখন পুৰণি ছবিৰে সংযোগ কৰি গ্ৰাফিক্সৰ জৰিয়তে মছজিদত বোমা বিস্ফোৰণ কৰা দেখুৱাইছে।

এইয়া প্ৰকৃততেই সাংবাদিকতাই নে হিংসা বিয়পোৱাৰ চেষ্টা বুলি প্ৰশ্ন কৰি জুবেইৰে উত্তৰ প্ৰদেশ আৰক্ষীক এই সন্দৰ্ভত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল।

ইয়াৰ পিছতেই আশীষ কাটিয়াৰে জুবেইৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। পিছে এইদৰে ইটোৰ পিছত সিটো গোচৰত সাঙুৰি জুবেইৰক বৰ্তমান কাৰাবন্দী কৰি ৰখাৰ সময়ত এবছৰ পুৰণি গোচৰটোৰ সন্দৰ্ভত জুবেইৰলৈ পুনৰ চমন জাৰি কৰা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ সীতাপুৰ গোচৰত জুবেইৰক পাঁচ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। সীতাপুৰ জিলাৰ তিনিগৰাকী হিন্দুত্ববাদী নেতাৰ বক্তব্যক তথ্য পৰীক্ষণৰ জৰিয়তে ভুল প্ৰমাণিত কৰি এক টুইট যোগে এই নেতাকেইজনক ঘৃণা সৃষ্টিকাৰী বুলি অভিহিত কৰিছিল জুবেইৰে।  ইয়াৰ পিছতেই হিন্দুত্ববাদী নেতা কেইজনে জুবেইৰৰ বিৰুদ্ধে সীতাপুৰত গোচৰ ৰুজু কৰিছিল।

লগতে পঢ়ক: Allegation about the BJP-terrorist nexus: সন্ত্ৰাসবাদী আৰু বিজেপি ভাই ভাই: তথ্য দাঙি ধৰি কংগ্ৰছ নেত্ৰী ৰঞ্জিত ৰঞ্জনৰ মুকলি অভিযোগ!

উক্ত গোচৰ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে জুবেইৰৰ জামিন নাকচ কৰাৰ পিছত জুবেইৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু জুবেইৰৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই শীৰ্ষ আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল।

কিন্তু সীতাপুৰ গোচৰৰ বাবে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলেও দিল্লীত দাখিল হোৱা আন এটা গোচৰত জামিন লাভ কৰা নাই বাবে কাৰাগাৰতেই থাকিবলগীয়া হৈছে মহম্মদ জুবেইৰ। সীতাপুৰ গোচৰৰ পূৰ্বেই জুবেইৰৰ বিৰুদ্ধে চাৰি বছৰ এটা পুৰণি টুইটৰ আধাৰত ধৰ্মীয় অনুভূতিত আঘাত সনা বুলি দিল্লীত ৰুজু হোৱা গোচৰত যোৱা ২৭ জুনত দিল্লী আৰক্ষীয়ে জুবেইৰক গ্ৰেপ্তাৰ কৰিছিল। 

১৯৮৩ চনত প্ৰকাশ পোৱা বলীউডৰ হাস্যমধুৰ চিনেমা ‘কিছি ছে না কেহনা’ৰ এটা দৃশ্যৰ এখন বিশেষ ফটো ২০১৮ চনত টুইটযোগে প্ৰকাশ কৰিছিল জুবেইৰে। এই টুইটটোৰ জৰিয়তে জুবেইৰে হিন্দুৰ ধৰ্মীয় অনুভূতিক অপমান কৰা বুলি গোচৰ ৰুজু কৰা হৈছিল।

উল্লেখ্য যে প্ৰতীক সিন্‌হাৰ সৈতে ‘অল্ট নিউজ’ নামৰ ফেক্ট চেক্‌ প’ৰ্টেলটো আৰম্ভ কৰাৰ পাছৰে পৰা জুবেইৰে বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভুৱা খবৰৰ প্ৰচাৰত চেঁচাপানী ঢালি আহিছিল৷ ইয়াৰ বাবে মহম্মদ জুবেইৰ হৈ পৰিছিল বিজেপিৰ লগতে হিন্দুত্ববাদী মহলৰ প্ৰধান শত্ৰু৷ শাসক পক্ষই কোনো এটা নিৰ্দিষ্ট বিষয়ত অজস্ৰ পূৰ্ব নিৰ্ধাৰিত উৎসৰ পৰা সামাজিক মাধ্যমত মিছা বাতৰি ৰহণ সানি সঁচা বুলি প্ৰচাৰ কৰিছিল।

লগতে পঢ়ক: Cyber war against India: অজুহাত নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্য; ভাৰতৰ বিৰুদ্ধে ইছলামিক দেশৰ হেকাৰৰ চাইবাৰ যুদ্ধ

সাধাৰণতে কোনো লোকে এনে খবৰ সমূহৰ ওপৰত সন্দেহ প্ৰকাশ কৰিলেও সেই খবৰৰ সত্যতা নিৰূপণৰ বাবে কোনো উপায় বিচাৰি নাপায়৷ কিন্তু অল্ট নিউজে প্ৰায় প্ৰতিটো তেনে ভুৱা খবৰ তথ্য প্ৰযুক্তিৰ শেহতীয়া কৌশলসমূহ ব্যৱহাৰ কৰি উন্মোচিত কৰি আহিছিল৷ দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে শাসক পক্ষৰ উদ্দেশ্যপ্ৰণোদিত প্ৰচাৰত নামি পৰাৰ সময়তে অল্ট নিউজ এনে সংবাদ মাধ্যমৰ বিকল্প হৈ পৰিছিল ৷

সামাজিক মাধ্যমতো জুবেইৰৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবেই জুবেইৰ শাসক পক্ষৰ বাবে বিপজ্জনক হৈ উঠিছিল! সেয়ে জুবেইৰৰ গ্ৰেপ্তাৰ শাসক পক্ষৰ ষড়যন্ত্ৰৰে অংশ বুলি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে এবছৰ পুৰণি গোচৰত জুবেইৰলৈ পুনৰ চমন জাৰি কৰা বিষয়টোৱে সচেতন মহলক জোকাৰি গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd