তিনিচুকীয়াত সেনা-আৰক্ষীৰ জালত আলফা(স্বা)ৰ সদস্য আৰু তিনিগৰাকী লিংকমেন

ULFA Story

আটক আলফা স্বাধীনৰ সদস্য আৰু লিংকমেন কেইগৰাকী

তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত চিকৰাজানত দেওবাৰে পুৱতি নিশা সেনা আৰু আৰক্ষীয়ে অভিযান চলাই এগৰাকী আলফা স্বাধীনৰ সদস্যৰ লগতে বিদ্ৰোহী সংগঠনটোৰ তিনিগিৰাকী লিংকমেনক আটক কৰে।

আটকাধীন আলফা স্বাধীনৰ সদস্য গৰাকী মৃদুল মহন্ত ওৰফে নিবিড় অসম বুলি চিনাক্ত কৰাৰ লগতে আৰক্ষীৰ জালত পৰা লিংকমেন কেইগৰাকী হৈছে ক্ৰমে নীৰৱ মৰাণ, দিপাংকৰ মৰাণ আৰু শৰৎ মৰাণ৷

অভিযানত এটা পইণ্ট ২২ পিষ্টল, এটা মেগজিন, ১১ জাই সক্ৰিয় গুলী, আলফা স্বাধীনৰ এখন উকা পেইডৰ লগতে তিনিটা ম’বাইল আৰু দুখন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হ’য় সেনা-আৰক্ষীয়ে৷

ধৃত আলফা স্বাধীনৰ সদস্য নিবিড় অসমে ম্যানমাৰৰ আলফা শিৱিৰৰ পৰা পলাই আহি অৰুণাচলত পূৰ্বে আটক হৈছিল৷

এই পৰ্যন্ত তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা নাছিল নিবিড় অসমে৷

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত সেনা আৰু আৰক্ষীয়ে এই যুটীয়া অভিযান চলাই সফলতা অৰ্জন কৰে।

আটকাধীন আটাইকেইগৰাকী সদস্যক অধিক তথ্যৰ বাবে আৰক্ষীয়ে মাৰথান জেৰা অব্যাহত ৰাখিছে।