NORTHEAST NOW (Assamese)

নতুন বছৰৰ পহিলা দিনটোতে মহানগৰীৰ মাজ মজিয়াত আলফা(স্বা)ৰ সদস্য গ্ৰেপ্তাৰ

January 1, 2020 6:23 pm · এন ই নাও নিউজ
গ্ৰেপ্তাৰ হোৱা আলফা(স্বা) সদস্য গৰাকী

ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে মহানগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় আলফা স্বাধীনৰ এগৰাকী দুৰ্ধৰ্ষ সদস্য।

দিছপুৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই গুৱাহাটীৰ পাঞ্জাৱাৰী অঞ্চলত আত্মগোপন কৰি থকা অৱস্থাত আলফা সদস্য গৰাকীক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা আলফা স্বাধীনৰ সদস্য গৰাকীৰ নাম বিতোপন সোণোৱাল বুলি জানিব পৰা গৈছে।

বিভিন্ন সাংগঠনিক পৰিকল্পনা লৈ বিগত ২৮ ডিচেম্বৰৰ পৰাই আলফা সদস্য গৰাকীয়ে মহানগৰীত বাহৰ পাতি আছিল।

গ্ৰেপ্তাৰ হোৱা আলফা স্বাধীনৰ সদস্য গৰাকীৰ ঘৰ ক’ত অথবা তেওঁৰ পৰা অস্ত্ৰ-সস্ত্ৰ জব্দ কৰা হৈছে নেকি সেই সম্পৰ্কে বৰ্তমানলৈ জানিব পৰা হোৱা নায়।

উল্লেখযোগ্য যে,চৰাইদেউ জিলাত ভাৰতীয় সেনা বাহিনীৰ অভিযানকাৰী দলে ৩০ ডিচেম্বৰত অভিযান চলাই লক্ষেশ্বৰ বৰুৱা ওৰফে ধূপ সিং ওৰফে লবন অসম নামৰ এগৰাকী আলফা(স্বা) লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছিল।

নতুন বছৰৰ পহিলা দিনটোত মহানগৰীত আলফা স্বাধীনৰ সদস্য গ্ৰেপ্তাৰ হোৱা ঘটনাই মহানগৰ বাসীক চিন্তিত কৰি তুলিছে।

Related News