৪০ বছৰৰ পিছত অসমলৈ আহি আছে পৰেশ বৰুৱা!

ulfa_training_camp_20110207_402_602_570_850

এটা প্ৰশিক্ষণ কেন্দ্ৰত পৰেশ বৰুৱা। Outlook -ৰ পৰা লোৱা ফটো।

সফলতাৰে বড়ো চুক্তি সম্পাদন হোৱাৰ এদিন পিছতে আলফা (স্বা:)ৰ প্ৰসংগই গুৰুত্বসহ ঠাই পাইছে ৰাজ্যৰ ৰাজনৈতিক মহলত।

আজি মন্ত্ৰী হিমন্ত বিশ্বই আলফা (স্বা:)ৰ শীৰ্ষ নেতা পৰেশ অসম ওৰফে পৰেশ বৰুৱালৈ আহ্বান জনোৱাৰ পিছতে Outlook নামৰ দেশৰ আগশাৰীৰ বাৰ্তালোচনীখনে এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদনত কৈছে যে আলফা (স্বা:)ৰ সেনাধ্যক্ষজনে ৪১ বছৰীয়া সশস্ত্ৰ সংগ্ৰাম এৰি শান্তি চুক্তিলৈ অচিৰেই আহিব।

কেইবাটাও সূত্ৰৰ উদ্ধৃতিৰে প্ৰতিবেদনটোত কোৱা হৈছে যে আলফাৰ সৈতে হ’ব লগীয়া শান্তিচুক্তিখন নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ৰঙালী বিহুৰ উপহাৰ হিচাপে আগ বঢ়াব।

ৰঙালী বিহু এপ্ৰিলৰ মাজভাগত পালন কৰা হয় আৰু ই অসমীয়া নৱবৰ্ষ।

য়ুনাইটেড লিবাৰেইশ্যন ফ্ৰণ্ট অব আছাম (ULFA) নামৰ সংগঠনটোৱে অসমৰ খিলঞ্জীয়া লোকৰ বাবে এখন স্বাধীন অসমৰ দাবীত ১৯৭৯ চনৰ এপ্ৰিল মাহৰ পৰাই যুঁজ চলাই আহিছে।

অতি তাৎপৰ্য্যপূৰ্ণভাৱে Outlook-ৰ প্ৰতিবেদনটোত কোৱা হৈছে যে পৰেশ বৰুৱাৰ শৈশৱৰ বন্ধু তথা বৰ্তমান নিৰুদ্দিষ্ট হৈ থকা ৰেবতী ফুকনে এই অচলাৱস্থা দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু আলোচনা-বিৰোধী গোটটোক আলোচনাৰ মেজলৈ আনিবলৈ পতিয়ন নিয়াইছে।

পৰেশ বৰুৱাই নতুন দিল্লীৰ সৈতে সদায়ে ৰাজনৈতিক আলোচনাক অগ্ৰাহ্য কৰি আহিছে আৰু আলোচনাৰ বাবে পূৰ্বে তিনিটাকৈ পূৰ্বচৰ্ত আৰোপ কৰিছিল।

Outlook-ৰ প্ৰতিবেদনটো পঢ়ক ULFA Peace Accord Likely In April; Paresh Barua Set For Homecoming After 40 Years

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বা:)ই যোৱা ৭১ সংখ্যক গণৰাজ্য দিৱসত উজনি অসমত ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটাইছিল।

দীৰ্ঘদিন গা বচাই থাকিবলৈ সক্ষম হোৱা আলফাৰ সেনাধ্যক্ষজনে সদায়ে এই দাবী কৰি আহিছে যে “স্বাধীন অসম” বিষয়টো কাৰ্য্যসূচীত থাকিলেহে আলোচনা সম্ভৱ।

নেতাজনে এই কথাও কৈ আহিছে যে আলোচনাৰ স্থান তৃতীয় এখন দেশত হ’ব লাগিব আৰু সেয়াও ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিৰ নিৰীক্ষণত।

Outlook–ৰ প্ৰতিবেদনটোৱে কোৱা কথা যদি সত্য হয়, তেন্তে ৰেবতী ফুকনে কেনেকৈ পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে এই তিনিওটা চৰ্ত প্ৰত্যাহাৰ কৰিবলৈ ৰাজি কৰাইছে এইটো এটা লাখ টকীয়া প্ৰশ্ন হ’ব।

ৰেবতী ফুকন এজন প্ৰাক্তন ৰাজ্যিক ফুটবলাৰ। তেওঁ যোৱা ২০১৮ চনৰ ২২ এপ্ৰিলত অম্বিকাগিৰী নগৰৰ নিজা বাসগৃহৰ পৰা প্ৰাতঃভ্ৰমণ কৰিবলৈ ওলাই গৈ নিৰুদ্দেশ হৈছিল।

ফুকন পূৰ্বে আলফা-চৰকাৰৰ আলোচনাৰ বাবে গঠিত পীপলছ কনছালটেটিভ গ্ৰুপ (পি চি জি)ৰ এজন সদস্য আছিল।

পি চি জিয়ে নতুন দিল্লীৰ সৈতে তিনি ৰাউণ্ডৰ আলোচনাত বহিছিল, যাৰ প্ৰথমখন বৈঠক আছিল ২০০৫ চনৰ ২৬ অক্টোবৰত আৰু বৈঠকত তেতিয়াৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙ উপস্থিত আছিল।

গৃহ মন্ত্ৰ্যালয়ৰ উদ্ধৃতি দি Outlook-ৰ প্ৰতিবেদনটোত দাবী কৰা হৈছে আলফাৰ সৈতে আলোচনা চূড়ান্ত স্তৰত আছে আৰু অসমৰ খিলঞ্জীয়া লোকলৈ সাংবিধানিক ৰক্ষাকৱচকে ধৰি প্ৰায়বোৰ বিষয় সমাধান হৈ গৈছে।

আৰু আলফাৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰাৰ পূৰ্বে নতুন দিল্লীয়ে “অসমীয়া”ৰ সংজ্ঞা চূড়ান্ত কৰাৰ সম্ভাৱনা আছে।

আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বই গুৱাহাটীত ঘোষণা কৰিছে যে খিলঞ্জীয়া অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকৱচ ৰঙালী বিহুৰ পূৰ্বে ঘোষণা কৰা হ’ব।

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ পৰামৰ্শ কমিটীয়ে ইয়াৰ প্ৰতিবেদন ফেব্ৰুৱাৰি মাহৰ মাজভাগতে কেন্দ্ৰীয় চৰকাৰৰ হাতত দিয়াৰ কথা।

নতুন দিল্লীৰ প্ৰতিশ্ৰুতিটো হ’ল- অসম চুক্তিৰ ৬ নং দফাৰ অধীনত অসমৰ খিলঞ্জীয়া মানুহ সাংবিধানিক ৰক্ষাকৱচ পাবৰ বাবে যোগ্য হ’ব।

উল্লেখ কৰিব পাৰি যে অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়াৰ নেতৃত্বত আলফাৰ আন এটা গোটে ২০১০ চনৰ পৰাই নতুন দিল্লীৰ সৈতে শান্তি আলোচনা চলাই আছে।

দুয়োজন নেতাই অচিৰেই নতুন দিল্লীৰ সৈতে চুক্তিত আবদ্ধ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি আহিছে।