উজনিত সক্ৰিয় আলফা(স্বা) : চাহ, কয়লা, কাঠ ব্যৱসায়ীৰ পৰা দাবী বৃহৎ পৰিমাণৰ ধন

যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত উগ্ৰপন্থী সংগঠনৰ কাৰ্য-কলাপ ৰোধ হৈছে বুলি দাবী কৰাৰ লগতে আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ কথা আশা কৰি আছে সেই সময়তেই উজনি অসমৰ সক্ৰিয়ভাবে নিজৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে সংযুক্ত মুক্তিবাহিনী অসম (স্বাধীন) – এ।

শেহতীয়াকৈ আলফা(স্বা)ৰ অভাৰ গ্ৰাউণ্ড কেডাৰে কেইবাখনো চাহ বাগিচৰ মেনেজাৰ, কয়লা ব্যৱসায়ী, কাঠৰ ব্যৱসায়ী আৰু অন্যান্য ব্যৱসায়ীক ধন দাবীৰ জাননী প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ এন চি পিৰ মুৰব্বী পদৰ পৰা পদত্যাগ শৰদ পাৱাৰৰ

নিষিদ্ধ বিদ্ৰোহী সংগঠনটোৰ মুৰব্বী পৰেশ বৰুৱাৰ নিৰ্দেশ অনুসৰিয়েই কেডাৰ সকলে এই ধনদাবী পত্ৰসমূহ প্ৰেৰণ কৰিছে।

খবৰ অনুসৰি এই সংগঠনটোৱে ব্যৱসায়ীসকলৰ পৰা যথেষ্ট পৰিমাণৰ ধন দাবী কৰিছে। উজনি অসমৰ গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কেইবাগৰাকীও ডাঙৰ ব্যৱসায়ীয়ে আলফাৰ ধনদাবী পত্ৰ লাভ কৰিছে।

ইয়াৰ উপৰিও আলফাৰ শীৰ্ষ নেতাই একাংশ ব্যৱসায়ীক ফোন কৰি ধন দাবী কৰিছে বুলিও জানিব পৰা গৈছে।

লগতে পঢ়কঃ “ধন দাবী”ৰ অভিযোগত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰ