স্বাধীনতা দিৱসৰ পূৰ্বেই নিষিদ্ধ সংগঠন আলফা (স্বা)য়ে এক প্ৰেছ বিবৃতি জাৰি কৰি ১৫ আগষ্টৰ দিনা সৰ্বাত্মক বন্ধৰ ঘোষণা কৰিছে। এন এছ চি এন/জি পি আৰ এন আৰু আলফা (স্বা)য়ে যৌথভাৱে জাৰি কৰা এই বিবৃতিত স্বাধীনতা দিৱসৰ বিৰোধিতা কৰাৰ লগতে দিনটো ক’লা দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে।
বিবৃতিত সংগঠনটোৱে দাবী কৰিছে যে, পশ্চিমা দক্ষিণ পূৱ এছিয়া (WeSEA) অঞ্চলৰ থলগিৰি জনগণৰ বাবে ভাৰতৰ স্বাধীনতা দিৱসৰ কোনো অৰ্থ নাই। সংগঠনটোৰ মতে, এই অঞ্চলৰ জনগণে ঔপনিৱেশিক ভাৰতৰ হাতত কেৱল প্ৰতাৰণা, দমন-উৎপীড়ন আৰু লাঞ্ছনাই পাইছে। সংগঠনটোৱে ব্ৰিটিছৰ শাসনৰ দৰে ৭৯ বছৰ ধৰি ভাৰতীয় শাসনক “অটুট দমনমূলক শাসন” বুলি অভিহিত কৰিছে।
বিবৃতিত আৰু উল্লেখ কৰিছে যে, স্বাধীনতা দিৱস দক্ষিণ পূৱ এছিয়া অঞ্চলৰ জনগণৰ বিৰুদ্ধে ভাৰতীয় সামৰিক শক্তিৰ “অদম্য নিষ্ঠুৰতাৰ বেদনাদায়ক সোঁৱৰণী। সংগঠনটোৱে অভিযোগ তোলে যে, ভাৰতীয় ৰাজ্যপক্ষ এই অঞ্চলৰ স্বাধীনতাকামী আন্দোলনক দমন কৰিবলৈ সন্ত্রাসবাদৰ টেগ দি প্ৰকৃত গণতান্ত্ৰিক অধিকাৰক দমন কৰি আহিছে।
আলফা (স্বা)য়ে ঘোষণা কৰিছে যে, ১৫ আগষ্টৰ ০০:০০ বজাৰ পৰা ১৮:০০ বজালৈ সৰ্বাত্মক বন্ধ পালন কৰা হ’ব। যদিও স্বাস্থ্য সেৱা, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাৰ্যকলাপৰ ক্ষেত্ৰত কোনো বাধা-নিষেধ আৰোপ কৰা নাই। সংগঠনটোৱে সকলো স্বাধীনতাকামী জনগণক স্বাধীনতাৰ লক্ষ্যলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ কাৰ্যসূচী পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে।