আলফাৰ ওপৰত মোক্ষম আঘাত : ম্যানমাৰ সেনাৰ আক্ৰমণত নিহত আলফা (স্বা:)ৰ কেডাৰ

787110-myanmar-militant-zee-750x375

টাগাত ম্যানমাৰ সেনাই জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ।

ভাৰতৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ম্যানমাৰত শিবিৰ পাতি থকা উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহক উৎখাত কৰাৰ বাবে ম্যানমাৰ সেনাই ইতিমধ্যে অভিযান আৰম্ভ কৰিছে।

সেনাৰ এক সূত্ৰই জানিব দিয়া মতে, শেহতীয়াকৈ আলফা (স্বা:) আৰু ম্যানমাৰ সেনাৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত এজন আলফা (স্বা:)ৰ সদস্য নিহত হোৱাৰ লগতে আন এজন সদস্যক ম্যানমাৰ সেনাই গ্ৰেপ্তাৰ কৰিছে। এনএছচিএন(কে)ৰ শীৰ্ষ নেতাই ম্যানমাৰক বিষয়টো নিষ্পত্তি কৰাৰ বাবে অনুৰোধ কৰিছে।

প্ৰথমতে, ম্যানমাৰৰ সেনা বাহিনীয়ে যোৱা জানুৱাৰি মাহৰ শেষত ছাগায়িং অঞ্চলত থকা নাগা বিদ্ৰোহীৰ স্বয়ং শাসিত মণ্ডলৰ এনএছচিএন(কে)ৰ শিৱিৰত অভিযান চলাই নানিয়ুন চহৰাঞ্চলৰ টাগা গাঁৱত থকা এনএছচিএন(কে)ৰ মুখ্য কাৰ্যালয়ৰ ওপৰত নিয়ন্ত্ৰণ সাৱ্যস্ত কৰে।

সূত্ৰসমূহে জানিব দিয়া মতে ভাৰত চৰকাৰে উত্তৰ-পূবৰ বিদ্ৰোহী গোটবোৰৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ ম্যানমাৰ চৰকাৰৰ ওপৰত কূটনৈতিক হেচা প্ৰয়োগ কৰিছে।

বিগত বৰ্ষত ভাৰতৰ সুৰক্ষা উপদেষ্টা অজিত ডাভালে ম্যানমাৰ ভ্ৰমণ কৰাৰ সময়ত দেশখনত আশ্ৰয় গ্ৰহণ কৰি থকা উত্তৰ-পূবৰ বিদ্ৰোহী গোটবোৰৰ সম্পৰ্কত আলোচনাত মিলিত হৈছিল। ম্যানমাৰৰ শীৰ্ষ বিষয়াৰে হোৱা আলোচনাৰ সময়ত ডোভালে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সুৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ কথা কৈছিল।

সূত্ৰসমূহে কয় যে ভাৰতৰ বিৰুদ্ধে উত্তৰ-পূবৰ বিদ্ৰোহীসকলে ব্যৱহাৰ কৰি থকা তেওঁলোকৰ ভূমি ম্যানমাৰ চৰকাৰে মুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে, ম্যানমাৰত নাগা বিদ্ৰোহীৰ এটা শক্তিশালী ভিত্তি আছে আৰু তেওঁলোকে ম্যানমাৰ চৰকাৰৰ সৈতে সমস্যাটো নিষ্পত্তি কৰাৰ চেষ্টা চলাই আছে।

উল্লেখযোগ্য যে ম্যানমাৰৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ সীমান্ত সংলগ্ন হৈ আছে আৰু ম্যানমাৰ শিৱিৰত প্ৰশিক্ষণ লোৱাৰ পাছত বিদ্ৰোহীসকলৰ বাবে ভাৰতৰ ভূমিত প্ৰৱেশ কৰাটো অতি সহজ হৈ পৰে।

সেনাৰ সূত্ৰই জানিব দিয়া মতে, ম্যানমাৰ সেনাৰ আক্ৰমণৰ ফলত এনএছচিএন(কে), আলফা (স্বা:), এনডিএফবি, কেএলঅ’ৰ বেছিভাগ শিৱিৰেই পৰিত্যক্ত হৈ পৰাৰ লগতে বেছিভাগ সদস্যই পলায়ন কৰিছে। তদুপৰি, অভিযানৰ সময়ত ম্যানমাৰ সেনাই শিৱিৰসমূহৰ পৰা বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে।

কেইবা দশক ধৰি ম্যানমাৰক উত্তৰ-পূবৰ বিদ্ৰোহীসকলে ব্যৱহাৰ কৰি আহিছে আৰু তেওঁলোকে নিজৰ কামকাজ সম্পূৰ্ণ কৰি সহজতে শিৱিৰলৈ উভতি আহিব পাৰে।

‘’ভাৰতৰ ভূমিত যদি কোনো বিদ্ৰোহী গোটে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে তেতিয়াহ’লে তাক প্ৰতিহত কৰিবলৈ ভাৰতীয় সুৰক্ষা বাহিনী সাজু আছে,’’-সেনাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

জানিব পৰা মতে আলফা(স্বা:)ৰ শীৰ্ষ নেতাই ম্যানমাৰৰ ওপৰত হেচা প্ৰয়োগ কৰি বিষয়টো নিষ্পত্তি কৰাৰ বাবে চীনৰ সৈতে আলোচনা চলাই আছে। আনহাতে, আলফা (স্বা:)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই চীনক প্ৰভাৱিত কৰি বিষয়টো কেনেদৰে নিষ্পত্তি কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

চীনে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটসমূহক সহায় কৰি উত্তৰ-পূৰ্বাঞ্চলত থকা তেওঁলোকৰ বৃহত্তৰ স্বাৰ্থত উত্তৰ-পূৰ্বাঞ্চলত ছায়াযুদ্ধ অব্যাহত ৰাখিছে। ভাৰতৰ ফালৰ পৰা কেইবাবাৰো চলোৱা প্ৰচেষ্টাৰ বিপৰীতে বিষয়টোত চীনে কোনো গুৰুত্ব প্ৰদান কৰা নাই।

ইপিনে, ভাৰতীয় সেনা মুৰব্বী বিপিন ৰাৱটে সুৰক্ষা ব্যৱস্থাৰ বুজ ল’বলৈ দুদিনীয়া ভ্ৰমণসূচীলৈ অৰুণাচললৈ আহিছে। সোমবাৰে সেনা মুৰব্বী গৰাকীয়ে লেখাপানীত থকা ২৫ ছেক্টৰ আছাম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। তাৎপৰ্যপূৰ্ণভাৱে, ৰাৱাটৰ উত্তৰ-পূৰ্বাঞ্চলত ভ্ৰমণৰ সময়তে উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থীক উৎখাত কৰিবলৈ ম্যানমাৰ সেনাই অভিযান চলাইছে।