বিশ্বজুৰি চীনত আৰম্ভ হোৱা কৰ’নাৰ আতংক : কেনে আছে পৰেশ বৰুৱা?

Paresh-Baruah-1-750x375-2

আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা। ফাইল ফটো

বর্তমান বিশ্বজুৰি কৰ’নাই সন্ত্ৰাস চলাইছে আৰু চীনত উৎপত্তি হোৱাৰ পাছত এই মাৰাত্মক ভাইৰাছ দুই শতাধিক দেশলৈ বিয়পিছে।

চীন দেশতো এই ভাইৰাছৰ কবলত প্ৰায় ১ লাখ লোক আক্ৰান্ত হোৱাৰ লগতে ৩ শতাধিক লোকে মৃত্যুক সাবটি ল’বলগীয়া হৈছে।

শেহতীয়াকৈ ভাৰতত দুই সহস্ৰাধিক লোকলৈ এই ভাইৰাছৰ সংক্ৰমণ হোৱাৰ লগতে বৰ্তমানলৈকে ৬০ জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

অসমতো বৰ্তমানলৈকে ১৬ গৰাকী লোক কভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ বলি হৈছে।

যিহেতু চীনৰ উহান চহৰত এই ভাইৰাছৰ উৎপত্তি হৈছিল গতিকে যুনান প্ৰদেশত থকা আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ভালে-কুশলে আছে নে সেই কথা জানিবলৈ সকলোৰে উৎসুকতা বৃদ্ধি পাইছে।

দীৰ্ঘদিন ধৰি এটা বিদ্ৰোহী সংগঠনৰ নেতৃত্ব দি অহা পৰেশ বৰুৱা বৰ্তমান চীন দেশত থাকি কেনে অৱস্থাত আছে সেয়া জানিবলৈ সকলোৱে উৎসুকতাৰে বাট চাই ৰৈছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে, অসমৰ যিকোনো জটিল পৰিস্থিতিত পূৰ্বতে আলফা স্বাধীনৰ সেনাধ্যক্ষ গৰাকীয়ে ফোনযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। কিন্তু ক’ৰ’নাই ভয়াবহ ৰূপ লোৱাৰ পাছতো ব্যক্তিগত টেলিভিছন সমূহলৈ ফোনযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই পৰেশ বৰুৱাক।

সাধাৰণতে সকলোৰে মনত হয়তো এটাই প্ৰশ্ন ‘কেনে আছে পৰেশ বৰুৱা বা কিয় এনে সময়ত অসমবাসীক সান্তনা দিবলৈয়ো এবাৰো ফোন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বৰুৱাই?’

আনহাতে, অন্য এক বিষয় মন কৰিবলগীয়া যে, ভাৰতত কৰ’না সংক্ৰমণ হোৱাৰ পূৰ্বৰে পৰা প্ৰায়বোৰ উগ্ৰপন্থী সংগঠন বহুদিন ধৰি নিস্ক্ৰিয় হৈ আহিছে।

কৰ’নাৰ আতংকৰ দিনকেইটাতো তেওঁলোকে কোনোধৰণৰ কাৰ্য্যকলাপ প্ৰদৰ্শন কৰা নাই। বিদ্ৰোহী সংগঠনসমূহকো ক’ৰনাৰ আতংকই প্ৰভাৱিত কৰিছে বা তেওঁলোকেও সামাজিক ব্যৱধান বৰ্তাই ৰখাৰ চেষ্টা কৰিছে?

ইপিনে, এনডিএফবিৰ চাৰিটা গোট মূল সূতিলৈ অহাৰ পাছত আলফা স্বাধীনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা হ’ব বুলিও বহুল চৰ্চা চলিছিল। তাৰ লগতে পৰেশ বৰুৱা শান্তি আলোচনাৰ মেজলৈ আহিব বুলিও সৰব চৰ্চা চলিছিল। কিন্তু তেনে সময়তে সমগ্ৰ বিশ্বতে আৰম্ভ হ’ল কৰ’না ভাইৰাছৰ ত্ৰাস।

সেয়েহে এই প্ৰশ্নৰ উত্তৰ সকলোৱে জানিব বিচাৰে যে ‘বিশ্ব সংহাৰী কৰ’নাৰ ত্ৰাসৰ সময়ত কেনে আছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা?’