• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দুজন যুৱকক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2022 10:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চোৰাংচোৱাগিৰিৰ অপৰাধত আলফা স্বাধীনে দুজন যুৱকক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ যুৱক দুজনক মৃত্যদণ্ড বিহাৰ কথা এক বিবৃতিযোগে জানিবলৈ দিছে আলফা স্বাধীনে।

বিবৃতিটোত আলফা স্বাধীনে সদৰি কৰা মতে আজি ৭ মে’ত যুৱক দুজনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছে।

আলফা স্বাধীনে সদৰি কৰা জাননীখনৰ পূৰ্ণপাঠ:-

এই জাননীৰ জৰিয়তে অসমৰ মুক্তিকামী জনগণৰ লগতে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” তথা ইয়াৰ অধীনস্থ “সংযুক্ত মুক্তি ফৌজ, অসম [স্বাধীন]”ৰ সমূহ বিষয়া আৰু সদস্য-সদস্যাৰ জ্ঞাতাৰ্থে জনোৱা হ’ল যে সংগঠনৰ ভিতৰত শত্ৰুৰ চোৰাংচোৱাৰ অনুপ্ৰৱেশ বা প্ৰতিবিপ্লৱী সৃষ্টি শত্ৰুৰ প্ৰাচীন ৰণকৌশল। অসমৰ ‘সন্মিলিত জাতীয় মুক্তি বিপ্লৱ’ৰ দীৰ্ঘ পথ পৰিক্ৰমাত এইটো নিশ্চয়কৈ নতুন কথা নহয়। প্ৰতিপক্ষৰ সকলো দুৰভিসন্ধি প্ৰতিৰোধ কৰি সতৰ্কতাৰে আগুৱান হোৱাটোহে প্ৰতিগৰাকী স্বাধীনতা সেনানী কিম্বা থলগিৰি জনগণৰ প্ৰধান দায়িত্ব। আমাৰ সংগঠনৰ উচ্চতম পৰিষদৰ মাননীয় সভাপতি মহাশয়কে ধৰি সকলো খিতাপ অথবা পদবী নিৰ্বিশেষে নতুন সদস্য গৰাকীলৈকে সংগঠনৰ পবিত্ৰ সংবিধানে নিৰ্ধাৰণ কৰি দিয়া শৃংখলা, অনুশাসন, নিয়মাৱলী আৰু পালনীয় আচৰণবিধি হ’ল মুক্তি বিপ্লৱক বলিষ্ঠৰূপত আগবঢ়াই নিয়াৰ বুনিয়াদি ভিত্তি। সংগঠনৰ প্ৰতিটো স্তৰতে ইয়াৰ যথোচিত প্ৰয়োগ আৰু কঠোৰভাৱে পালন কৰি যোৱাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য।  সৱল বিপ্লৱী নৈতিকতাৰে স্বদেশ-স্বজাতিৰ বুৰঞ্জীগত ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠাৰ হকে সহযোদ্ধা-সতীৰ্থই কৰা অহোপুৰুষাৰ্থৰ ওচৰত বৈৰী শক্তিৰ যিকোনো গুপ্ত ষড়যন্ত্ৰ অথবা কু-চক্ৰান্ত পৰাজিত হ’বলৈ বাধ্য। সংগঠনৰ ভিতৰত ছদ্মবেশী দেশপ্ৰেমিকৰ ভাও লৈ শত্ৰুৰ শ্ৰুতলিপি মতে সংগঠনক ক্ষতি কৰিব পৰা সংবিধান পৰিপন্থী কাৰ্য্যক জাতিদ্ৰোহী অপৰাধ হিচাপে আমাৰ সংগঠনে জন্মলগ্নৰে পৰা আজিকোপতি গণ্য কৰি আহিছে। এইক্ষেত্ৰত শূন্য সহনশীল নীতি অনাগত দিনটো বাহাল থাকিব।

যোৱা ইংৰাজী ২৪/০৪/২০২২ তাৰিখে দুপৰীয়া প্ৰায় ১২-০০ বজাত নৱাগত সদস্য শ্ৰীধনজিৎ দাস ওৰফে শ্ৰীৰূপক অসম [পিতৃৰ নামঃ- প্ৰয়াত উদ্ধৱ দাস, মাতৃৰ নামঃ- প্ৰয়াত বীণা দাস, গাঁওঃ- বৰপেটা টাউন, ডাকঘৰঃ- বৰপেটা, জিলাঃ- বৰপেটা]এ “সংযুক্ত মুক্তি ফৌজ, অসম [স্বাধীন]”ৰ চলমান শিবিৰত বিশেষ অভিযানকালীন সময়ছোৱাত পলায়ন কৰিছিল। কিন্তু ইংৰাজী ২৫/০৪/২০২২ তাৰিখে আমাৰ নিয়মিত পহৰাৰত ভ্ৰাম্যমাণ দল এটাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়। কৰায়ত্ত সদস্যগৰাকীক সংশ্লিষ্ট প্ৰশাসনিক পৰ্য্যায়ত আৰু দায়িত্ববাহী বিষয়াৰ তত্বাৱধানত সোধ-পোছৰ লগতে তৎপৰতাৰে তদন্ত আৰম্ভ কৰাত; শ্ৰীৰূপক অসমে নিজৰ সকলো অপৰাধ তদন্তকাৰী বিষয়াৰ সন্মুখত নিজ মুখে ব্যক্ত কৰাৰ উপৰিও উদ্দেশ্যপ্ৰণোদিতভাৱে চলমান শিবিৰৰ পৰা পলায়ন কৰাৰ আগমুহুৰ্তত কেইবাজনো নতুন সদস্যক প্ৰলোভন দেখুৱাই আত্মসমৰ্পণৰ বাবে উচটনি দিয়াৰ লগতে সংগঠনত যোগদানৰ বাবে যোগাযোগ কৰি থকা সময়ছোৱাৰ ভিতৰত একাংশ আৰক্ষী বিষয়া লগত সংগোপনে জড়িত হৈ আমাৰ সমৰ্থক-শুভাকাংক্ষীক চিনাক্ত কৰি অসম আৰক্ষী বাহিনীৰ হাতত ধৰাই দিয়াৰ লেখীয়া একাধিক গুৰুতৰ অপৰাধৰ কথা অকপটে স্বীকাৰ কৰে।

সেয়ে ইংৰাজী ০৪/০৫/২০২২ তাৰিখে নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষৰ অধ্যক্ষতাত অনুস্থিত হোৱা বিচাৰ সদনে অভিযুক্ত সদস্যগৰাকীৰ অকপট স্বীকাৰোক্তি আৰু প্ৰমাণিত তথ্যৰ আধাৰত সকলো দিশ নিৰ্মোহ পৰ্য্যালোচনাৰ অন্ততঃ সংগঠনৰ সংবিধানৰ বিচাৰ উপবিধি দফা- ৯ ইউ,পি,চি, [U.P.C.]ৰ অনুচ্ছেদ [গ] অনুসৰি- [১] ষড়যন্ত্ৰমূলক আত্মসমৰ্পণৰ প্ৰচেষ্টা চলোৱা [২] প্ৰতিবিপ্লৱী কাৰ্য্যত জড়িত হোৱা; অনুচ্ছেদ [ঘ] আৰু [ঙ] অনুযায়ী- আত্মসমৰ্পণৰ বাবে উচটনি দিয়াৰ লগতে সহযোগীক বিপথে পৰিচালিত কৰাৰ অপৰাধত মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হ’ল ৷ আনকি বিচাৰ উপবিধিৰ বিশেষ অনুচ্ছেদ [১] মৰ্মে- ‘বিশেষ অভিযানকালীন সময়ছোৱাত পলায়ন কৰা সদস্যৰ ওপৰত আৰোপিত মৃত্যুদণ্ডৰ ৰায়’ নিম্ন সদনে বাহাল ৰাখে।

আন এগৰাকী নৱাগত সদস্য শ্ৰীসঞ্জীৱ শৰ্মা ওৰফে শ্ৰীঋষৱ অসম [পিতৃৰ নামঃ- শ্ৰীমুনিন্দ্ৰ শৰ্মা, মাতৃৰ নামঃ- প্ৰয়াত জুনু দেৱী, গাঁওঃ- মুক্তাপুৰ, ডাকঘৰঃ- লোচ, থানাঃ- বাইহাটা চাৰিআলি, জিলাঃ- কামৰূপ(গ্ৰাম্য)]এ ভাৰতীয় দখলদাৰী বাহিনী আৰু একাংশ অসম পুলিচ বিষয়াৰ নিৰ্দ্দেশত ধনৰ লালসাত বৈৰী ৰাষ্ট্ৰৰ চোৰাংচোৱা হিচাপে আমাৰ সংগঠনত যোগদানৰ গইনাৰে সংগঠনৰ আভ্যন্তৰীণ যোগাযোগ ব্যৱস্থা চিনাক্ত কৰি তাত আধুনিক যন্ত্ৰ সংস্থাপনেৰে শত্ৰু পক্ষক খবৰ সৰবৰাহৰ ব্যৱস্থা সুচল কৰি দিয়া আৰু সামৰিক প্ৰশিক্ষণৰ পাছত সংগঠনৰ বিষয়া-সদস্যক হত্যাৰ নিচিনা ঘৃণনীয় গোপন অভিযান পৰ্য্যায়ক্ৰমে কাৰ্য্যকৰী কৰাৰ অভিপ্ৰায়ৰে সদস্যভূক্তি হোৱাৰ কথা নিজ মুখে স্বীকাৰ কৰে। সেয়ে ইংৰাজী ০৫/০৫/২০২২ তাৰিখে নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষৰ অধ্যক্ষতাত অনুস্থিত হোৱা আন এখন বিচাৰ সদনে সংগঠনৰ সংবিধানৰ বিচাৰ উপবিধি দফা- ৯ ইউ,পি,চি, [U.P.C.]ৰ বিশেষ অনুচ্ছেদ [২] অনুসৰি- দখলদাৰী শত্ৰুৰ হৈ চোৰাংচোৱা কাৰ্যত লিপ্ত থকা তথা গুপ্ত ষড়যন্ত্ৰৰ বিষয়ে নিজ মুখে স্বীকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত এনে গুৰুতৰ অপৰাধত দোষী সাব্যস্তৰে শ্ৰীসঞ্জীৱ শৰ্মা ওৰফে শ্ৰীঋষৱ অসমক মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হ’ল ৷

উপৰিউক্ত সদস্য দুগৰাকীৰ দোষ ক্ষমাৰ অযোগ্য হোৱা হেতুকে নিম্ন বিচাৰ সদনৰ ৰায় অনুসৰি আজি ইংৰাজী ০৭/০৫/২০২২ তাৰিখে এনে অবাঞ্ছিত মৃত্যুদণ্ড বিহা হ’ল।

জাননী প্ৰদানত,

[ব্ৰিগেডিয়াৰ এ.জেদ.শিৰোণাম অসম]

মুখ্য অধ্যক্ষ, নিম্ন বিচাৰ সদন

সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd