কৰ’না কালত অসমত দুর্গোৎসৱৰ বিৰোধিতা সংযুক্ত মুক্তি বাহিনী অসম, স্বাধীনৰ

Paresh-Baruah-1-750x375-2

আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা। ফাইল ফটো

কৰ’নাৰ সংক্ৰমণে অসমত সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত চৰকাৰে দুৰ্গোৎসৱ আয়োজনৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিৰোধিতা কৰিছে সংযুক্ত মুক্তি বাহিনী অসম, স্বাধীনৰ বা চমুকৈ আলফা (স্বাধীন)ৰ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত আলফা স্বাধীনৰ লেফটেনেন্ট কৰ্ণেল অৰুণোদয় অসমে এই কথা জানিবলৈ দিয়ে।

বিবৃতিটোত নেতা গৰাকীয়ে কয় যে ‘’ঔপনিবেশিক ভাৰত ৰাষ্ট্ৰৰ অবিবেচক নীতি তথা অসমৰ পুতলা চৰকাৰখনৰ অবৈজ্ঞানিক পদক্ষেপৰ বাবে কোভিড-১৯ অতিমাৰীয়ে অসমত অসমৰ ৰাইজৰ মাজত সংক্ৰমণৰ ৰূপ লোৱাৰ সময়তে অসমৰ তথাকথিত চৰকাৰে শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰিবলৈ লোৱা আঁচনিক আমি সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)য়ে তীব্ৰ বিৰোধিতা কৰিছো।‘’

বিবৃতিটোত লগতে কোৱা হৈছে,’’ সাম্প্ৰতিক বুৰঞ্জীত প্ৰথমবাৰৰ বাবে এই বৰ্ষৰ অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু উদযাপনকো বৰ্জন কৰিবলৈ নিৰ্দেশ দিয়া চৰকাৰখনে কি যুক্তিৰ আধাৰত দুৰ্গা পূজা আয়োজনৰ অনুমতি দিছে?’’

অসমৰ থলগিৰি সমাজ জাতি বা ধৰ্মভিত্তিক নহয় বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে,’’তেনেস্থলত মোদীক সন্তুষ্ট কৰাৰ স্বাৰ্থত ‘অতি হিন্দু’ হ’বলৈ যোৱা অসম চৰকাৰখনৰ এনে জনস্বাস্থ্য বিৰোধী পদক্ষেপক আমি ধিক্কাৰ দি দুৰ্গা পূজা আয়োজন বন্ধ কৰিবলৈ আহ্বান জনাইছো।‘’

বিবৃতিটোৰ শেষত কোৱা হয়, ‘’তথাকথিত অসম চৰকাৰৰ ধৰ্মীয় উন্মাদময় পদক্ষেপে অসমত কৰ’নাৰ সামাজিক সংক্ৰমণ বৃদ্ধি কৰি জাতিটোক গভীৰ সংকটৰ গৰাহলৈ ঠেলি দিব।‘’