তিনিচুকীয়াৰ শংকৰ চাহ বাগিচাৰ অপহৃত কৰ্মচাৰীৰ পৰিয়াললৈ আলফা(স্বা:)ৰ ফোন

তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত শংকৰ চাহ বাগিচাত হেড ফিটাৰ হিচাপে কৰ্মৰত গৌৰাং চন্দ্ৰ দেবক উদ্ধাৰ কৰাত সেনা-আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ সময়তে আলফা(স্বা:)-এ দেবৰ শেহতীয়া স্থিতিৰ বিষয়ে পৰিয়ালবৰ্গক ফোনযোগে অৱগত কৰে।

গৌৰাংগ চন্দ্ৰ দেব সম্পূৰ্ণ সুস্থ অৱস্থাত আছে বুলি আলফাৰ সদস্যই ফোনত কৰ্মচাৰীজনৰ কণ্যাক স্পষ্ট কৰি দিয়ে।

ইয়াৰ লগতে বাগিচাৰ স্বত্ত্বাধিকাৰ সুধিৰ কুমাৰ লোহিয়াই অপহৃত গৌৰাংগ চন্দ্ৰ দেবৰ মুক্তিৰ সন্দৰ্ভত তেওঁলোকৰ সৈতে কোনোধৰণৰ যোগাযোগ কৰা নাই বুলিও আলফা (স্বা:)এ কয়।

উল্লেখযোগ্য যে দেবৰ অপহৰণ ঘটনাই ১১ দিনত ভৰি দিয়াৰ পিছতো শংকৰ চাহ বাগিচাৰ পৰিচালকদ্বয়ে ঘটনাটোৰ সন্দৰ্ভত মুখ খোলাৰ পৰা বিৰত আছে। আজি সাংবাদিকৰ দল এটাক দেখা পাই তেওঁলোকে বাগিচা কাৰ্য্যালয়ৰ পৰা বঙলালৈ পলায়ন কৰে৷

আনহাতে সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে অপহৃত গৌৰাংগ চন্দ্ৰ দেবক বিনাচৰ্তে মুকলি কৰি দিবলৈ আলফালৈ আহ্বান জনাইছে। দেবক উদ্ধাৰ কৰাৰ দাবীত শংকৰ চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলেও তিনিদিন ধৰি কৰ্মবিৰতি পালন কৰিছিল৷

এটা অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰা মতে অপহৃত কৰ্মচাৰীজনক বাগিচা কলঘৰৰ পৰা কিছু দূৰ খোজ কৰাই নি আলফা(স্বা:)ৰ দলটোৱে মেগেলা গাঁও হৈ বাইকত অৰুণাচল সীমান্ত দিশে লৈ যায়৷

সেনা-আৰক্ষীৰ দুৰ্ৱল স্থিতিৰ বাবেই তিনিচুকীয়া জিলাত কূটাঘাত সংঘটিত কৰি সশস্ত্ৰ সংগঠনটোৰ সদস্যই অৰুণাচলত আত্মগোপন কৰাৰ সুযোগ লাভ কৰি আহিছে বুলি বিভিন্ন মহলে মত ব্যক্ত কৰিছে৷