জল্পনা কল্পনাৰ অন্ত : অৱশেষত তিনি মাহৰ অন্তত কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিলে আলফা(স্বা)এ

index-1.jpgaaaaaaaaa-1

শনিবাৰে আলফা(স্বা)এ অপহৰণ কৰি নিয়া তৈল খননকাৰী প্ৰতিষ্ঠান কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিছে।

১১৫ দিন আলফা(স্বা)ৰ শিবিৰত বন্দী কৰি ৰখাৰ পিছত শনিবাৰে দুপৰীয়া প্ৰায় ১২.২০ বজাত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙৰ লুমিবস্তিত বিষয়া দুগৰাকীক মুকলি কৰি দিয়া বুলি ঘোষণা কৰিছে কুইপ’ৰ নতুন দিল্লীস্থিত কাৰ্যালয়ে।

উল্লেখ্য যে যোৱা ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দায়ুনৰ পৰা আলফা(স্বা) আৰু এনএছচিএনৰ সদস্যই প্ৰতিষ্ঠানটোৰ দুই বিষয়া অসমৰ শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অপহৰণ কৰি মুক্তিপণ হিচাপে কেবাকোটি টকাও ধন দাবী কৰা বুলি বাতৰি প্ৰকাশ পাইছিল।

ইফালে কুইপ’ৰ সৈতে আলোচনা ব্যৰ্থ হোৱাৰ পিছতে প্ৰতিষ্ঠানটোৰ দুই অপহৃত বিষয়াক চৰম শাস্তি বিহাৰ দিন ঘোষণা কৰিছিল বিদ্ৰোহী সংগঠনটোৱে।

আলফা(স্বা)ৰ এই ঘোষণাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্য বিভিন্ন মহলে আফলা(স্বা)ক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনাইছিল।

ইয়াৰ পিছতে আফলা(স্বা)এ বিষয়টো পুনৰ বিবেচনা কৰি মধ্যস্থতাকাৰী কৌশিক ফুকনৰ যোগে কুইপ’ৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰা হয়। এই আলোচনা ফলপ্ৰসূভাৱে আগবাঢ়ে আৰু কুইপ’ই অসমত ৫০০০ গৰাকী থলুৱা অৰ্হতাসম্পন্ন যুৱকক সংস্থাপন দিবলৈ সন্মত হয়।

কুইপ’ৰ এই সন্মতিৰ পিছতে আলফা(স্বা)এ প্ৰতিষ্ঠানটোৰ দুই বিষয়াক মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰে।

এই ঘোষণাৰ লগে লগে উৎকণ্ঠিত ৰাজ্যবাসীয়ে সকাহ অনুভৱ কৰিছিল যদিও হঠাতে তেনে সময়তে সমগ্ৰ ঘটনাক্ৰমত পুনৰ পট পৰিৱৰ্তন ঘটে।

ৰাজ্যৰ এটা ৱেপ পৰ্টেলৰ দুই সাংবাদিকে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ভুৱা বাতৰি পৰিৱেশন কৰাৰ অভিযোগ তুলি আফলা(স্বা)এ অপহৃত দুই বিষয়াক মুক্তি দিয়াৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰে।

আলফা(স্বা)এ সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি জনাই যে ৱেপ পৰ্টেলটোৰ দুই সাংবাদিকে ৰাজহুৱাকৈ ক্ষমা নুখুজিলে অপহৃত দুই বিষয়াক মুকলি কৰাৰ সিদ্ধান্ত বাতিল কৰিব। আলফা(স্বা)ৰ এই ঘোষণাৰ পিছতে পুনৰ ৰাজ্যবাসীৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হয়।

এই উৎকণ্ঠাৰ মাজতে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আলফা(স্বা)এ শনিবাৰে কুইপ’ৰ দুই অপহৃত বিষয়াক মুকলি কৰি দিয়ে।