• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ত ৩ লাখ টকাসহ আটক আলফা (স্বাধীন)ৰ মহিলা লিংকমেন

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
July 23, 2023 9:56 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

5.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ এটা যৌথ দলে শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপত নগদ ৩ লাখ টকাসহ আটক কৰে নিষিদ্ধ আলফা (স্বাধীন)ৰ এগৰাকী মহিলা লিংকমেনক।

আৰক্ষীয়ে জনোৱা মতে, তিনিচুকীয়া জিলাৰ লাইপুলী অঞ্চলৰ দিহিং গাঁৱৰ বাসিন্দা পুষ্পাঞ্জলি গগৈ নামৰ মহিলাগৰাকীক বিয়লি প্ৰায় ৩ বজাত আটক কৰা হয়। তেওঁ আলফা (স্বাধীন)ৰ হৈ অঞ্চলটোৰ ব্যৱসায়ীসকলৰ পৰা ধন দাবী কৰি আহিছিল।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, তেওঁৰ জিম্মাৰ পৰা এটা মোবাইল ফোনো জব্দ কৰা হৈছে। প্ৰথমবাৰৰ বাবে আলফা (স্বাধীন)ৰ কোনো মহিলা লিংকমেনক ইমান বৃহৎ পৰিমাণৰ নগদ ধনেৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: হিংসাৰ পৰা ৰক্ষা নপৰিল স্বাধীনতা সংগ্ৰামীৰ ঘৰো; জীৱন্তে জ্বলাই দিয়া হৈছে তেওঁৰ পত্নীক

এই গ্ৰেপ্তাৰৰ ফলত ধন দাবীৰ ধন ব্যৱহাৰ কৰি নিজৰ কাৰ্যকলাপ চলাই অহা সংগঠনটোৰ বাবে এক বৃহৎ আঘাত হিচাপে বিবেচিত হৈছে।

দুসপ্তাহ পূৰ্বে আলফা (স্বাধীন)-য়ে চৰাইদেউ জিলাৰ সোণাৰি অঞ্চলত অৱস্থিত এখন চাহ বাগিচালৈ ধন দাবীৰ পত্ৰ প্ৰেৰণ কৰি নিষিদ্ধ সংগঠনটোৰ পুঁজিৰ বাবে ৭২ লাখ টকা বিচাৰিছিল।

আলফা (স্বাধীন)ৰ নেতা নয়ন অসম স্বাক্ষৰিত ধনদাবী পত্ৰখন হোৱাটছএপৰ জৰিয়তে চৰাইদেউৰ টিমন চাহ বাগিচাৰ পৰিচালক মনোজ গগৈলৈ প্ৰেৰণ কৰা হৈছিল। পত্ৰখনত সাংগঠনিক পুঁজিৰ বাবে ৭২ লাখ টকাৰ ধন বিচৰা হৈছে।

এই ঘটনাৰ সৈতে জড়িত কোনো লোকক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰা নাই আৰু বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।

লগতে পঢ়ক: ”আমি চোৰ ধৰো আৰু তেওঁলোকে উৎকোচ লৈ মুকলি কৰি দিয়ে’’- ঘাইপথত শুই প্ৰতিবাদ হোমগাৰ্ডৰ

পুষ্পাঞ্জলি গগৈক গ্ৰেপ্তাৰ কৰাৰ লগতে চাহ বাগিচালৈ প্ৰেৰণ কৰা ধন দাবী পত্ৰই আলফা (স্বাধীন) এতিয়াও অঞ্চলটোত সক্ৰিয় হৈ থকাৰ লগতে মানুহৰ পৰা ধন দাবী কাৰ্য অব্যাহত ৰখাৰ স্পষ্ট ইংগিত দিয়ে।

Recent News

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd