ভাৰত চৰকাৰেৰে আলোচনাত বহিবলৈ সাজু আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা!

Paresh-Baruah

সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ উপ সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ওৰফে পৰেশ অসমে ভাৰত চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ সাজু।

শনিবাৰে আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে এটা সংবাদ প্ৰতিষ্ঠানৰ আগত হোৱা টেলিফ’নিক বাৰ্তালাপত এইদৰে কয়।

অসমৰ বহুল প্ৰচলিত ইংৰাজী দৈনিক আছাম ট্ৰিবিউন -এ পৰেশ বৰুৱাৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই চৰকাৰৰ সৈতে আলোচনা বহিবলৈ সাজু যদিহে ভাৰত চৰকাৰে আলফা(স্বা)ৰ মূল দাবী সাৰ্বভৌমত্বৰ ওপৰত আলোচনা কৰিবলৈ সন্মত হয়।

“যদি চৰকাৰে আমাক লিখিতভাৱে জনায় যে আমাৰ মূল দাবীৰ ওপৰত আলোচনা কৰা হ’ব, আমি নিশ্চিতভাৱে যোগাত্মক সঁহাৰি দিম।” আছাম ট্ৰিবিউনক পৰেশ বৰুৱাই এইদৰে কয়।

ইফালে পৰেশ বৰুৱাই সদ্য আত্মসমৰ্পণকাৰী আলফা(স্বা)ৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ বিষয়েও মন্তব্য কৰে।

সেনাধ্যক্ষ বৰুৱাই দাবী কৰে যে দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণে আলফা(স্বা)ত সৃষ্টি কৰা শূন্যতা পূৰ কৰিবলৈ আলফা(স্বা)এ সক্ষম হ’ব।

জন্ম লগ্নৰে পৰা আলফাৰ বহু নেতা আৰু কেৰ্ডাৰে আলফা ত্যাগ কৰি আহিছে আৰু সেই ঠাই সংগঠনটোৰ নতুন সদস্য আৰু নেতাসকলে পূৰণ কৰি অহা বুলিও সেনাধ্যক্ষ পৰেশ বৰুৱাই মন্তব্য কৰে।

সশস্ত্ৰ মুক্তি সংগ্ৰামখনলৈ দৃষ্টি ৰাজখোৱাই আগবঢ়োৱা অৱদান আলফা(স্বা)এ সদায়ে মনত ৰাখিব বুলি ব্যক্ত কৰি পৰেশ বৰুৱাই কয় যে দৃষ্টিৰ আত্মসমৰ্পণে খালী কৰা ঠাই ইতিমধ্যে পূৰণ কৰা হৈছে।

উল্লেখ্যে যে আলফা(স্বা) উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰাৰ পিছতে মাইকেল অসমক উপ মুখ্য সেনাধ্যক্ষ হিচাপে নিযুক্তি দিছে আলফা(স্বা)এ।

স্মৰ্তব্য যে ১৯৯২ চনত আলফাৰ বহু সংখ্যক জ্যেষ্ঠ নেতাই সংগঠন ত্যাগ কৰি আত্মসমৰ্পণ কৰিছিল। তাৰ পিছতো সংগঠনটোৱে নিজৰ শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল বুলি বৰুৱাই দাবী কৰে।

২০১০ চনতো আলফাৰ সভাপতিসহ কেন্দ্ৰীয় সমিতিৰ ৮ জনকৈ বিষয়াই বহু জিলা সমিতি আৰু কেবাটাও বেটিলিয়নক লগত লৈ চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ যুদ্ধ বিৰতি ঘোষণা কৰিছিল। ইয়াৰ পিছতো আলফা(স্বা) শক্তিশালী হৈ আছে বুলি দাবী কৰিছে সেনাধ্যক্ষ বৰুৱাই।

“তেওঁলোকে জিলা সমিতিসহ সংগঠনৰ চাৰিটা বেটেলিয়নৰ তিনিটা বেটেলিয়নকে লগত লৈ গৈছিল। এনে এক বিপৰ্যয়ৰ পিছতো আলফা(স্বা) জীয়াই আছে। ইয়ে প্ৰমাণ কৰে যে কেইজনমান ব্যক্তিৰ আত্মসমৰ্পণে আন্দোলনটোক শেষ কৰিব নোৱাৰে।” আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ দাবী।