জাগুনত সামৰিক পোছাকত আহি নিশা আত্মসমৰ্পন কৰিলে এগৰাকী আলফা (স্বা)ৰ কেডাৰে

আত্মসমৰ্পনকাৰী আলফা স্বাধীনৰ কেডাৰ গৰাকী

বুধবাৰে নিশা জাগুনত সামৰিক পোছাকত আহি এগৰাকী আলফা স্বাধীনৰ কেডাৰে আৰক্ষীৰ আগত আত্মসমৰ্পন কৰা কাৰ্য্যক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

অসম আৰক্ষীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ উদঙাই দি ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰৰ পৰা পলাই আহি বুধবাৰে নিশা জাগুন আৰক্ষী চকীত আত্মসমৰ্পন কৰে আলফা স্বাধীনৰ কেডাৰ গৰাকীয়ে।

আত্মসমৰ্পন কৰা কেডাৰজন ডিব্ৰুগড় জিলাৰ চাবুৱা জেৰাই গাঁৱৰ লালা অসম ওৰফে শৰৎ গোহাঁই বুলি জানিব পৰা গৈছে।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, লালা সৈতে আৰু এজন কেডাৰ মৃগাংক অসম ম্যানমাৰ পৰা আহিছিল, তাৰে মাজৰ পৰা লালা পলাই আহি লেখাপানী থানাৰ অন্তৰ্গত জাগুন আৰক্ষী চকীত হাজিৰ হয়হি।

সম্প্ৰতি মৃগাংক অসমক বিচাৰি তিনিচুকীয়া আৰক্ষী প্ৰশাসনে অসম-অৰুণাচল সীমান্তৱৰ্তী অৰণ্য অঞ্চলত ব্যপক অভিযান অব্যাহত ৰাখিছে।

২০১৯ বৰ্ষত আলফা স্বাধীনত যোগ দিয়া লালা অসম ওৰফে শৰৎ গোহাঁইয়ে আলফাৰ ম্যানমাৰ কেম্পত সামৰিক প্ৰশিক্ষণ লৈছিল যদিও কি কাৰণত আলফা স্বাধীন ত্যাগ কৰি এইদৰে আৰক্ষী থানাত  আত্মসমৰ্পণ কৰিলে সেই সম্পৰ্কে বৰ্তমানেও জানিবলৈ পৰা হোৱা নায়।

আনহাতে, অন্য এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি আৰু দুজন সতীৰ্থৰ সৈতে আলফা স্বাধীনৰ ম্যানমাৰ কেম্পৰ পৰা পলায়ন কৰিছিল লালা অসমে। পলায়ন কৰা সময়ত আলফা কেম্পৰ পৰা কিছু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লগত লৈ আহিছিল যদিও আধা বাটতে অস্ত্ৰ-শস্ত্ৰখিনি এৰি থৈ আহে।

উল্লেখ যোগ্য যে, ম্যনমাৰত আলফা স্বাধীনৰ বিৰুদ্ধে বাৰ্মা সেনাই অভিযানৰ সময়ত উক্ত শিবিৰতে থকা এজন দুৰ্ধৰ্ষ আলফা কেডাৰে আলফা স্বাধীনৰ সামৰিক পোছাকত আহি জাগুন আৰাক্ষী চকীত সোমাই আত্মসমৰ্পণ কৰা ঘটনাই সেনা-আৰক্ষীৰ নিৰাপত্তাৰ দিশটোৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে বুলি চৰ্চা হৈছে।

আৰক্ষীয়ে বৰ্তমান সময়লৈকে আত্মসমৰ্পনকাৰী আলফা স্বাধীনৰ কেডাৰ জনৰ বিষয়ে মুখ খোলা নায়।