আলফা (স্বাঃ)ৰ প্রতিক্রিয়া: টীয়ক চাহ বাগিচাত থলগিৰী চিকিৎসকক হত্যা

Paresh-Baruah-1-750x375-2

আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা।

টিয়ক চাহ বাগিচাত ডাঃ দেবেন দত্তৰ নৃশংস হত্যাকাণ্ডৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আলফা স্বাধীনে।

এক প্ৰেছ বিবৃতি যোগে চাহ জনগোষ্ঠীয় লোকসকলক অসমৰ থলগিৰী লোকৰ ওপৰত এনে জঘন্য আক্ৰমণ কৰাৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনায় আলফা স্বাধীনে। ভবিষ্যতে পুনৰ তেনে ঘটনা সংঘটিত হ’লে ভাৰতীয় সংবিধান মতে নহয় আলফাই নিজে শাস্তি বিহিব বুলি ভাবুকি দিয়ে আলফা(স্বা)য়ে।

প্ৰেছ বিজ্ঞপ্তিটোত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনটোৱে অসমৰ থলগিৰী ৰাইজে শতিকা ধৰি চাহ জনগোষ্ঠীয় ভাইসকলক থলগিৰী জাতিৰ এক অবিচ্ছেদ্য অংগ বুলি ভাবি অহাৰ লগতে অসমৰ থলগিৰী ৰাইজে আদিবাসীৰ বিপৰীতে ‘চাহ জনগোষ্ঠী’ হিচাপে বিৰল সন্মান প্ৰদান কৰিছে বুলি উল্লেখ কৰে।

কিন্তু অসমৰ এচাম চাহ জনগোষ্ঠীৰ লোকে বিভিন্ন সময়ত সামাজিক ন্যায় বিচাৰি আদিম যুগৰ আদিবাসী সকলৰ বৰ্বোচিত কাণ্ডবিলাক থলগিৰীৰ ওপৰত প্ৰয়োগ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে আলফা স্বাধীনে।

‘‘বিগত দশকত চাহ জনগোষ্ঠীৰ লোকে ন্যায় বিচাৰি সংঘটিত কৰা বৰ্বৰোচিত ঘটনাবিলাকে থলগিৰী জনগণক গভীৰভাৱে চিন্তিত কৰি তুলিছে। চাহ জনগোষ্ঠীৰ একাংশ লোকে সংঘটিত কৰা মধ্যযুগীয়া তথাকথিত ভাৰতত প্ৰচলিত বৰ্বোৰোচিত কাণ্ডবিলাকে আজি আমাৰ থলগিৰী সমাজ ব্যৱস্থাত সন্ত্ৰাস সৃষ্টি কৰা উপৰিও থলগিৰী ৰাইজৰ ঐক্য বিনষ্ট কৰিছে’’-বিবৃতিটোত এনেদৰে প্ৰকাশ কৰে আলফা স্বাধীনে।

এনে বৰ্বৰ ঘটনাৰ উদাহৰণ দি সংগঠনটোৱে পেঙেৰীৰ ৰাণী অঞ্চলৰ চাহ ব্যাৱসায়ী ‘মৃদুল কুমাৰ ভট্টাচাৰ্য্য আৰু তেওঁৰ পত্নী’’ক নৃশংসভাৱে কৰা হত্যা, ডিকমৰ নোমল বৰা নামৰ থলগিৰী মানুহজনক অত্যাচাৰ কৰি বিষাক্ত আমৰলি পৰুৱা মেলি দি হত্যা, ডিকম চাহ বাগিচাৰ চিৎকিসক ডাঃ প্ৰবীন বৰঠাকুৰক চিৰকালৰ বাবে পংগু কৰা ঘটনাৰ কথা উল্লেখ কৰে।

আলফা স্বাধীনে পূৰ্বেও এনে জঘন্য হত্যাকাণ্ডৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা স্বত্তেত পুনৰ যোৱা কেইটামান দিনৰ ভিতৰত দুজনকৈ থলগিৰী চিকিৎসক চাহ জনগোষ্ঠীৰ একাংশ লোকৰ মধ্যযুগীয়া বৰ্বৰোচিত মানসিকতাৰে আক্ৰমণ কৰা ঘটনাত তেওঁলোক ক্ষুব্ধ হৈ উঠিছে বুলি কয়।

চাহ জনগোষ্ঠীৰ এনে বৰ্বৰোচিত কাৰ্য্যত অসমীয়া থলগিৰী লোক অতীষ্ঠ হৈ পৰা বুলি উল্লেখ কৰি আলফা স্বাধীনে চাহ জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকলক বিভিন্ন দল-সংগঠন তথা ৰাজনৈতিক নেতা সকলৰ সহযোগত এই বীভৎস কু-সংস্কাৰ বিলাক মষিমূৰ কৰিবলৈ আহ্বান জনায় অন্যথা বিষয় পৰিস্থিতিৰ মুখামুখি হ’ব লাগিব বুলি সকীয়াই দিয়ে।