এন আৰ চি জাতীয় অভিশাপ; জাতিক বচাবলৈ আলফা নেতা জীতেন দত্তৰ ৮ টা পৰামৰ্শ

আলফা নেতা জীতেন দত্ত ফাইল ফটো

বহু আশা-প্ৰত্যাশাৰ অন্তত মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত ৩১ আগষ্টত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতে একাংশই ইয়াক সমৰ্থন জনোৱাৰ বিপৰীতে একাংশই ইয়াৰ বিৰোধিতা কৰিছে।  আনকি আছু, এ পি ডব্লিউৱে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিছে।

এই সময়তে আলফা নেতা জীতেন দত্তই ফেচবুকৰ জৰিয়তে এন আৰ চিক সমালোচনা কৰি এন আৰ চি খন জাতীয় অভিশাপ হৈ পৰিল বুলি উল্লেখ কৰে।

‘ছবছৰীয়া অসম আন্দোলন, ৪০ বছৰীয়া অপেক্ষা আৰু ১৪ শ কোটি টকা খৰচ কৰি বাংলাদেশীক স্বদেশী বনোৱা হ’ল। কালিলৈকে ভয়ে ভয়ে থকা বাংলাদেশী কেইটাই এতিয়া বুকু ফিন্দাই আমাৰ আগত থিয় হৈ ভূমিৰ অধিকাৰ বিচাৰিব পাৰিব ৰাজনৈতিক অধিকাৰ বিচাৰিব পাৰিব।’ এইদৰে ফেচবুকত উল্লেখ কৰে আলফা নেতা জীতেন দত্তই।

‘এপাল এপাল সন্তান জন্ম দি ১০ বছৰৰ ভিতৰত আমাতকৈ দুগুণ জনসংখ্যাৰে অধিকাৰ প্ৰতিষ্ঠা কৰিব। গতিকে আজিৰ পৰাই শুভাৰম্ভ হ’ল অসমীয়া জাতি ধ্বংসৰ। মিঠাই খাই, মাংস খাই আজিয়ে খাই লওক। ক্ষমা কৰিবা হে শ্বহীদ সকল।’ ফেচবুকত মন্তব্য আলফা নেতা জীতেন দত্তৰ।

তাৰোপৰি জীতেন দত্তই জাতিক বচাবলৈ প্ৰতিজন খিঞ্জীয়া অসমীয়ক টোপনিৰ পৰা জাগক বুলি ছচিয়েল মিডিয়াত উল্লেখ কৰি লগতে অসমীয়া জাতি উদ্ধাৰৰ বাবে ফেচবুকৰ জৰিয়তে কিছু পৰামৰ্শ আগবঢ়ায়।

আলফা নেতা জীতেন দত্তই ফেচবুকত আগবঢ়োৱা পৰামৰ্শকেইটা ক্ৰমে