নাগৰিকত্ব আইনৰ বিৰোধিতা: আলফা নেতা জিতেন দত্তক গৃহবন্দী; গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা

IMG-20181102-WA0012-1140x570

আলফা নেতা জিতেন দত্ত। ফাইল ফটো

গোটেই ৰাজ্য নাগৰিকত্ব আইনৰ বিৰোধিতাৰে মুখৰ হৈ পৰাৰ সময়তে চৰকাৰে সম্ভাৱ্য বৃহৎ প্ৰতিবাদী আন্দোলনটোক প্ৰতিহত কৰাৰ বাবে তৎপৰ হৈ পৰিছে।

কৃষক মুক্তিৰ নেতা অখিল গগৈক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ লক্ষ্য হৈ পৰিছে আলফা নেতা জিতেন দত্ত।

জানিব পৰা মতে, জিতেন দত্তক বৰ্তমান গৃহবন্দী কৰি তোলা হৈছে। আলফা নেতাগৰাকীৰ ডিগবৈৰ বৰবিলৰ বাসগৃহৰ আশে পাশে ব্যাপক সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।

সূত্ৰ অনুসৰি যিকোনো সময়তে আলফা নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সদনত উত্থাপন কৰাৰ পূৰ্বৰে পৰা আলফা নেতা জিতেন দত্তই বিধেয়কখনৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰিছিল।

অসম আৰু অসমীয়াৰ স্বাৰ্থত পুনৰ জংগী আন্দোলনৰো হুংকাৰ দিছিল দত্তই। তদুপৰি, নেতাগৰাকীৰ আহ্বানত বৃহৎ সংখ্যক যুৱক বিধেয়ক বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল।

নাগৰিকত্ব বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছতে অসমত ইয়াৰ বিৰুদ্ধে আন্দোলনে তীব্ৰ ৰূপ লোৱাৰ উপৰি প্ৰতিবাদত অংশ লোৱা চাৰিজনকৈ লোক আৰক্ষীৰ গুলীত নিহত হৈছে।

ৰাজ্যখনৰ পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণহীন হৈ পৰাৰ আশংকাত চৰকাৰে প্ৰতিবাদকাৰী বিভিন্ন নেতাসকলৰ কণ্ঠৰোধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে।

উজনি অসমত নাগৰিকত্ব আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী আন্দোলনে ৰাজপথ উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে।

এনে পৰিপ্ৰেক্ষিততে আলফা নেতা জিতেন দত্তকো গ্ৰেপ্তাৰ কৰি প্ৰতিবাদী আন্দোলনটোক নিয়ন্ত্ৰণ কৰাৰ লক্ষ্য কৰি লোৱা বুলি বিভিন্নজনে মত পোষণ কৰিছে।