বিক্ৰী যোৱা নেতাৰ দ্বাৰা কেবৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব নোৱাৰে : জীতেন দত্ত

অসমীয়া মানুহে এটকীয়া চাউলৰ লোভত স্বাভিমান বিসৰ্জন দিলে : দত্ত

JitenDutta-570x320

জিতেন দত্ত। ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ২০১৮ চনত এক সবল ভুমিকা লোৱা জীতেন দত্ত বৰ্তমানলৈকে নিমাত হৈ আছিল। কিন্তু কেব গৃহীত কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ হোৱা স্বত্বেও কিয় নিমাত হৈ আছিল?

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত দত্তই অসমৰ দল সংগঠন আৰু জনসাধাৰণৰ বিৰুদ্ধে কিছুমান বিস্ফোৰক মন্তব্য আগবঢ়ায়।

‘মই মনে মনে আছো কাৰণ এইধৰণৰ কিবা কিবি কৰি এনেই হাল্লা কৰি লাভ নাই।‘ এইদৰে মন্তব্য কৰি দত্তই কয়, ‘’বিজেপিয়ে লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম বুলি মুকলিকৈ ঘোষণা কৰিছিল। তাৰ পাছতো অসমৰ ৰাইজে ১০-১৫ কি:মি: বৃহৎ ৰেলী কৰি আকৌ এবাৰ মোদী চৰকাৰ বুলি কৈ নৃত্য কৰিলে। অসমীয়া মানুহে এটকীয়া চাউলৰ লোভত নিজৰ স্বাভিমান সম্পূৰ্ণৰূপে বিসৰ্জন দি দিলে। সেইসকল মানুহক লগত লৈ কিধৰণে ৰাজপথত চিঞৰ বাখৰ কৰি থাকিব কওঁক।‘’

‘’ইস্তাহাৰৰ বিপৰীতে ৰাজ্যৰ দল-সংগঠনৰ নেতৃত্বই জনগণক ভোট দিবৰ বাবে বা এটকীয়া চাউলত ভোল নাযাবলৈ কিয় ক’ব নোৱাৰিলে?’’ এইদৰে প্ৰশ্ন কৰি দত্তই লগতে কয়, ‘’দিল্লীয়ে দেখা পালে অসমৰ জনসাধাৰণ কেবৰ সপক্ষত আছে। কাৰণ ইস্তাহাৰত দিয়াৰ পাছতো আমাক সম্পূৰ্ণ মেন্ডেট দিলে বুলি তেওঁলোকে ভাবিছে। তাৰ পাছত কওঁক আন্দোলন কৰাৰ কিবা যুক্তি আছে নে?’’

ইপিনে, অসমৰ জাতীয় দল-সংগঠনসমূহে কেবৰ বিৰুদ্ধে একত্ৰিত হৈ আন্দোলন নকৰাক লৈ ক্ষোভ উজাৰে দত্তই।

দত্তই কয়, ‘’আজিৰ তাৰিখলৈকে নাগৰিকত্ব সংশোধনী বিলখনৰ সন্দৰ্ভত অসমৰ বিভিন্ন দল-সংগঠনে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ চেষ্টা নকৰিলে। দিনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শ্ল’গান দিয়া আৰু ৰাতি হ’লে ৰাজনৈতিক নেতাৰ লগত অংক কৰা প্ৰতিবাদত মই নাই। মই আজিও আগত থিয় হ’ম যদি অসমৰ ৰাইজে আন্তৰিকতাৰে শক্তিশালীৰূপত কেবৰ বিৰুদ্ধে থিয় দিয়ে।‘’

‘’সুবিধাবাদী চৰিত্ৰৰ বিপৰীতে মই আন্তৰিকতাৰে সংগ্ৰাম কৰা মানুহৰ লগত সদায় আছো। কিন্তু বিক্ৰী যোৱা নেতাৰ দ্বাৰা সেই প্ৰতিবাদ হ’ব নোৱাৰিব,’’-দত্তই লগতে কয়।

দত্তই অসমৰ দল-সংগঠনৰ নেতৃত্বলৈ প্ৰত্যাহ্বান জনাই কয়, ‘’অসমৰ দল-সংগঠনে কওঁকচোন যে একেলগে ৩-৪ লাখ মানুহ একত্ৰিত হৈ দিচপুৰত আন্দোলন কৰো, কিমানক গ্ৰেপ্তাৰ কৰে কৰক। সেই কাৰ্য্যসূচী কিয় ল’ব নোৱাৰে? তেতিয়া মই আগত থিয় দিম।‘’

দত্তই লগতে কয়, ‘’নিজৰ নিজৰ ক্ষমতা দেখুৱাবৰ কাৰণে বা নেতৃত্বৰ ইগ’ত লাগি দল-সংগঠনবোৰ ঐক্যবদ্ধ নহয়।‘’

ইপিনে, কেব গৃহীত কৰাৰ পাছত ব্যক্তিগতভাৱে কিবা পদক্ষেপ গ্ৰহণ কৰিব নেকি? বুলি দত্তক সোধাত তেওঁ কয়, ‘’যদিহে কেব গৃহীত হয়, তেন্তে উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে গোচৰ দিম। আইনে আমাক ন্যায় দিব, আমি আইনী যুঁজ কৰিম।‘’