আলফাৰ জিম্মাত ১১৫ দিন,অভিজ্ঞতা বৰ্ণনা কৰিলে কুইপ’ৰ অপহৃত বিষয়া প্ৰণৱ কুমাৰ গগৈয়ে

a ulfa

শনিবাৰে আলফা(স্বা)এ অপহৰণ কৰি নিয়া তৈল খননকাৰী প্ৰতিষ্ঠান কুইপ’ৰ এজন বিষয়াক মুকলি কৰি দিছে। ১১৫ দিন আলফা(স্বা)ৰ শিবিৰত বন্দী কৰি ৰখাৰ পিছত শনিবাৰে দুপৰীয়া প্ৰায় ১২.২০ বজাত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙৰ লংভি বস্তিত কুপৰৰ বিষয়া প্ৰণৱ কুমাৰ গগৈক মুকলি কৰি দিয়ে।

উল্লেখ্য যে যোৱা ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দায়ুনৰ পৰা আলফা(স্বা) আৰু এনএছচিএনৰ সদস্যই প্ৰতিষ্ঠানটোৰ দুই বিষয়া অসমৰ শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অপহৰণ কৰি মুক্তিপণ হিচাপে কেবাকোটি টকাও ধন দাবী কৰা বুলি বাতৰি প্ৰকাশ পাইছিল।

ইফালে কুইপ’ৰ সৈতে আলোচনা ব্যৰ্থ হোৱাৰ পিছতে প্ৰতিষ্ঠানটোৰ দুই অপহৃত বিষয়াক চৰম শাস্তি বিহাৰ দিন ঘোষণা কৰিছিল বিদ্ৰোহী সংগঠনটোৱে।

আলফা(স্বা)ৰ এই ঘোষণাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্য বিভিন্ন মহলে আলফা(স্বা)ক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনাইছিল।

ইয়াৰ পিছতে আলফা(স্বা)এ বিষয়টো পুনৰ বিবেচনা কৰি মধ্যস্থতাকাৰী কৌশিক ফুকনৰ যোগে কুইপ’ৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰা হয়। এই আলোচনা ফলপ্ৰসূভাৱে আগবাঢ়ে আৰু কুইপ’ই অসমত ৫০০০ গৰাকী থলুৱা অৰ্হতাসম্পন্ন যুৱকক সংস্থাপন দিবলৈ সন্মত হয়।

কুইপ’ৰ এই সন্মতিৰ পিছতে আলফা(স্বা)এ প্ৰতিষ্ঠানটোৰ দুই বিষয়াক মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে উৎকণ্ঠিত ৰাজ্যবাসীয়ে সকাহ অনুভৱ কৰিছিল যদিও হঠাতে তেনে সময়তে সমগ্ৰ ঘটনাক্ৰমত পুনৰ পট পৰিৱৰ্তন ঘটে। ৰাজ্যৰ এটা ৱেপ পৰ্টেলৰ দুই সাংবাদিকে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ভুৱা বাতৰি পৰিৱেশন কৰাৰ অভিযোগ তুলি আফলা(স্বা)এ অপহৃত দুই বিষয়াক মুক্তি দিয়াৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰে।

আলফা(স্বা)এ সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি জনাই যে ৱেপ পৰ্টেলটোৰ দুই সাংবাদিকে ৰাজহুৱাকৈ ক্ষমা নুখুজিলে অপহৃত দুই বিষয়াক মুকলি কৰাৰ সিদ্ধান্ত বাতিল কৰিব। আলফা(স্বা)ৰ এই ঘোষণাৰ পিছতে পুনৰ ৰাজ্যবাসীৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হয়।

এই উৎকণ্ঠাৰ মাজতে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আলফা(স্বা)এ শনিবাৰে কুইপ’ৰ প্ৰণৱ কুমাৰ গগৈক মুকলি কৰি দিয়ে। প্ৰণৱ কুমাৰ গগৈক মুকলি কৰি দিয়াৰ খবৰ লাভ কৰি অৰুণাচল আৰক্ষীয়ে প্ৰথমে জয়ৰামপুৰস্থিত আৰক্ষী থানালৈ লৈ যায় আৰু স্থানীয় চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা বাবে নিয়াৰ পাছতেই ভাৰতীয় সেনাই অসমৰ তিনিচুকীয়া লাইপুলি সেনা শিবিৰলৈ যায় বুলি সূত্ৰত প্ৰকাশ।

অন্যহাতে সংবাদমাধ্যমক প্ৰনৱ কুমাৰ গগৈয়ে কয় যে যোৱা ৪ মাৰ্চত ৰাম কুমাৰক তেখেতৰ পৰা আলফা(স্বাঃ)য়ে পৃথক কৰি দিছিল। বৰ্তমান ৰাম কুমাৰ ক’ত আছে সেই সম্পৰ্কে তেখেত জ্ঞাত নহয়।

অন্যহাতে প্ৰণৱ কুমাৰ গগৈ সংবাদ মাধ্যমৰ আগত কয় যে আলফা (স্বাঃ)নে তেখেতক বিভিন্ন চলন্ত শিবিৰত ৰাখিছিল আৰু কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰা নাছিল লগতে স্বাস্থ্য আৰু খাদ্যৰ ক্ষেত্ৰত গুৰুত প্ৰদান কৰিছিল।

আলফা(স্বাঃ) তেখেতক মুকলি কৰি দিয়াৰ বাবে আলফা(স্বাঃ)ক ধন্যবাদ জ্ঞাপন কৰে। আজি গগৈক মুকলি কৰি দিয়াৰ খবৰ লাভ কৰি অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ আৰাক্ষী থানাত গগৈৰ পত্নী পুত্ৰ আৰু এগৰাকী আত্মীয় উপস্থিত হয়। পত্নীয়েও সংবাদমাধ্যমৰ যোগে আলফা(স্বাঃ) ধন্যবাদ জ্ঞাপন কৰে।

সকলো জল্পনা কল্পনাৰ অন্ত: অৱশেষত তিনি মাহৰ অন্তত কুইপ’ৰ বিষয়া প্ৰণৱ কুমাৰ গগৈ মুকলি কৰি দিয়াত গগৈৰ আত্মীয় তথা শুভকাংক্ষী সকলে স্বত্বিৰ নিশ্বাস পেলাইছে যদিও বৰ্তমানেও ৰাম কুমাৰক আলফা(স্বা)নে মুকলি কৰি নিদিয়াত উৎকণ্ঠা অব্যাহত আছে যদিও এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি অনতিপলমে মুকলি কৰি দিব আলফা(স্বাঃ)এ।